মৰাণ,18 জানুৱাৰী : ডিব্ৰুগড় জিলাৰ জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীৰ সভাপতিত্বত সোমবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় জিলাখনৰ বেংকসমূহক লৈ জিলা পৰ্যায়ৰ পৰ্যালোচনা সমিতিৰ সভা ৷ মুঠ 24 টা বেংকৰ প্ৰতিনিধি উপস্থিত থকা সভাত প্ৰথমেই বেংকসমূহৰ চি ডি অনুপাতৰ পৰ্যালোচনা কৰা হয় ৷

লগতে বাৰ্ষিক ক্ৰেডিট প্লেনৰ অধীনত বেংক সমূহে কৃষি আৰু আনুসংগিক খণ্ড, এম এছ এম ই, সেৱা খণ্ডত লাভ কৰা সফলতাৰ ওপৰতো আলোচনা কৰা হয় ৷ আনহাতে জিলা খনৰ কৃষক আৰু আত্মসহায়ক গোট সমূহক সহজ ঋণ দিয়া সম্পৰ্কতো আলোচনা কৰে জিলা প্ৰশাসনৰ বিষয়া সকলে ৷

লগতে পঢ়কঃ অসম গণ পৰিষদ বিজেপিৰ নেগুৰত পৰিণত হৈছে : মনজিৎ মহন্ত