মৰাণ,7 নৱেম্বৰ: বিশেষভাৱে সক্ষম লোকৰ এক ৰাষ্ট্ৰীয় তথ্য ভাণ্ডাৰ তৈয়াৰ কৰিবলৈ আৰু প্ৰতিগৰাকী প্ৰতিবন্ধী লোকক একোখনকৈ সুকীয়া অক্ষমতা পৰিচয় পত্ৰ প্ৰদান কৰাৰ উদ্দেশ্যৰে অক্ষম লোকৰ বাবে সুকীয়া আই ডি প্ৰকল্প ৰূপায়ণ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ যাতে এই পৰিচয় পত্ৰৰ জৰিয়তে ৰাজ্যৰ সকলো স্তৰতে অৰ্থাৎ গাঁও পৰ্যায়, খণ্ড পৰ্যায়, জিলা পৰ্যায়, ৰাজ্যিক পৰ্যায় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত হিতাধিকাৰীসকলৰ কায়িক আৰু বিত্তীয় উন্নয়নৰ বিষয়ে চৰকাৰে সহজে জানিব পাৰে ৷ চৰকাৰে জিলা স্বাস্থ্য বিভাগক বিশেষভাৱে সক্ষম লোকক প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷
শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলক প্ৰমাণপত্ৰ প্ৰদানৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আঞ্চলিক পুনৰ্বাসন কেন্দ্ৰত এক বিশেষ শিবিৰ অনুষ্ঠিত হৈ যায় ৷ এই শিবিৰত জিলাখনৰ বিভিন্ন ঠাইৰ বিশেষভাৱে সক্ষম ব্যক্তিসকল উপস্থিত থাকে ৷ উল্লেখ্য যে, জিলা প্ৰশাসনৰ সিদ্ধান্ত অনুসৰি বিশেষভাৱে সক্ষম ব্যক্তিৰ মূল্যায়ন কৰাৰ বাবে প্ৰতিমাহৰ প্ৰথম আৰু তৃতীয় শুকুৰবাৰে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই শিবিৰ অনুষ্ঠিত হ’ব ৷
লগতে চাওকঃ আৰক্ষীক আক্ৰমণৰ অভিযোগত আটক দুই যুৱক