ETV Bharat / state

১৮ বছৰীয়া যুৱতীক নিৰ্যাতন পঞ্চাশৰোৰ্ধৰ ব্যক্তিৰ

author img

By

Published : Jul 18, 2021, 1:56 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৈনিক যৌন নিৰ্যাতনৰ ঘটনা বিভিন্ন বাতৰি কাকত তথা সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে ৷ তেনেই এক অনুৰূপ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় জিলাত ৷ সভ্য সমাজক লজ্জানত কৰি এজন পিতৃসম ব্যক্তিৰ কামনাৰ বলি হ'বলগীয়া হ'ল এগৰাকী যুৱতী ৷ ভুক্তভোগী যুৱতীগৰাকীয়ে কৰেছে এই অভিযোগ ৷

ডিব্ৰুগড়ত ১৮ বছৰীয়া কিশোৰীক নিৰ্যাতন পঞ্চাশ উৰ্ধ্বৰ ব্যক্তিৰ

মৰাণ, 18 জুলাই : ডিব্ৰুগড়ৰ ডিকমত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে । পিতৃ-মাতৃহীন এগৰাকী ১৮ বছৰীয়া যুৱতীক যৌন নিৰ্যাতন চলাই পাঁচমহীয়া অন্তঃসত্বা কৰে এজন পঞ্চাশ উৰ্ধ্বৰ ব্যক্তিয়ে । অভিযুক্ত লোকজন বিজয় কুমাৰ ৰঞ্জন । বিজয় কুমাৰ ৰঞ্জনে নাদুৱা চাইডিঙত ভাড়াতীয়া হিচাপে আছিল ।

অভিভাৱকহীন ভুক্তভোগী যুৱতীগৰাকীয়ে নাদুৱা চাইডিঙৰ এগৰাকী সমাজকৰ্মী (Social worker)ৰ বাসগৃহত বিগত তিনি বছৰ ধৰি আশ্ৰয় লৈ আছিল । ইফালে সমাজকৰ্মী (Social worker)গৰাকীৰ বাসগৃহতে ভাড়াতীয়া হিচাপে আছিল ফাৰ্মাচিষ্ট বিজয় কুমাৰ ৰঞ্জন ৷ অভিযুক্ত লোকজনে নিজৰ ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি দিয়াৰ প্ৰলোভনেৰে এই অনৈতিক কাৰ্য সংঘটিত কৰিছিল বুলি যুৱতীগৰাকীয়ে জানিবলৈ দিয়ে ।

ইফালে এই ঘটনাৰ পোহৰলৈ অহা পিছতেই শনিবাৰে সমাজকৰ্মী (Social worker) মহিলাগৰাকীয়ে ডিব্ৰুগড়ৰ ডিকম আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ ইয়াৰ পিছতেই শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত বিজয় কুমাৰ ৰঞ্জনক। ইতিমধ্যে আৰক্ষীয়ে যুৱতীগৰাকীক চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় (Assam Medical College & Hospital)ত ভৰ্তি কৰে ।

এই ঘটনাৰ লগত জড়িত প্ৰকৃত দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে ।

লগতে পঢ়ক : ক’ভিড কেয়াৰ কেন্দ্ৰ পৰা পলায়ন 5 কিশোৰ অপৰাধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.