ডিব্ৰুগড়, 26 জানুৱাৰীঃ ডিব্ৰুগড়ত সংঘটিত গ্ৰেণেড বিস্ফোৰণস্থলীত উপস্থিত উজনি অসমৰ আৰক্ষী মহা পৰিদৰ্শক পি কে ভূঞা ৷ বিস্ফোৰণ কাণ্ডৰ লগত আলফা স্বাধীন জড়িত থকা সন্দেহ আৰক্ষী বিষয়া গৰাকীৰ ৷ আনহাতে, মুখ্যমন্ত্ৰীৰ গৃহ চহৰত নিৰাপত্তাৰ দিশত সুৰুঙা থাকি যোৱাৰ বাবেই বিস্ফোৰণ সংঘটিত হয় বুলি মন্তব্য কৰে পি কে ভূঞাই ৷
উল্লেখ্য যে, গণৰাজ্যৰ দিৱসৰ দিনটোতে ডিব্ৰুগজ় জিলাত দুটাকৈ গ্ৰেনেড বিস্ফোৰণে আতংকিত কৰে অঞ্চলাবাসীক ৷ নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীক প্ৰত্যাহ্বান জনাই গ্ৰেনেড বিস্ফোৰণ ঘটাই কূটাঘাতকাৰীয়ে ৷ এই পৰ্যন্ত কোনো বিদ্ৰোহী সংগঠনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷ ডিব্ৰুগড়ত দুটাকৈ বিস্ফোৰণৰ বিপৰীতে সোণাৰি আৰু দুলীয়াজানকে ধৰি মুঠ চাৰিটা বিস্ফোৰণে আতংকৰ সৃষ্টি কৰিছে জিলা দুখনত ৷