ETV Bharat / state

ডিব্ৰুগড়ৰ লাহোৱালত সামৰণি পৰিল ক্ৰীড়া সমাৰোহ - কেন্দ্ৰীয় সমিতি

লাহোৱাল যুৱ সংঘৰ উদ্যোগত আৰু সদৌ অসম শ্ৰমিক যুৱক কল্যাণ পৰিষদৰ সহযোগত অনুষ্ঠিত লাহোৱাল ক্ৰীড়া সমাৰোহ দেওবাৰে সফল সমাপ্তি ঘটে । এই সমাৰোহত 50 ৰো অধিক দলে বিভিন্ন প্ৰতিযোগিতাত ভাগ লয় । দেওবাৰে সামৰণি অনুষ্ঠানত বিজয়ী দলক এক লাখ টকাৰে পুৰষ্কৃত কৰা হয় ।

dibrugarhs-lahawal-sports-festival-concludes
ডিব্ৰুগড়ৰ লাহোৱালত সামৰণি পৰিল ক্ৰীড়া সমাৰোহ
author img

By

Published : Jan 4, 2021, 5:44 PM IST

Updated : Jan 4, 2021, 6:14 PM IST

ডিব্ৰুগড়, 4 জানুৱাৰী : ডিব্ৰুগড় জিলাৰ লাহোৱাল অঞ্চলটোৱে জিলাখনৰ ভিতৰতে ক্ৰীড়া ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে । ক্ৰীড়া প্ৰসাৰৰ ক্ষেত্ৰত বহু কেইটা অনুষ্ঠান-প্ৰতিষ্ঠান তথা দল-সংগঠনে অঞ্চলটোৰ যুৱক-যুৱতীৰ মাজত ক্ৰীড়াৰ ক্ষেত্ৰত উৎসাহ যোগোৱাৰ লক্ষ্যৰে গঠনমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

ডিব্ৰুগড়ৰ লাহোৱালত সামৰণি পৰিল ক্ৰীড়া সমাৰোহ

শেহতীয়াকৈ লাহোৱাল যুৱ সংঘৰ উদ্যোগত আৰু সদৌ অসম শ্ৰমিক যুৱক কল্যাণ পৰিষদৰ সহযোগত অনুষ্ঠিত লাহোৱাল ক্ৰীড়া সমাৰোহ দেওবাৰে সফল সমাপ্তি ঘটে । এই সমাৰোহত 50ৰো অধিক দলে বিভিন্ন প্ৰতিযোগিতাত ভাগ লয় । দেওবাৰে সামৰণি অনুষ্ঠানত বিজয়ী দলক এক লাখ টকাৰে পুৰষ্কৃত কৰা হয় ।

সামৰণি অনুষ্ঠানৰ মুকলি সভাত লাহোৱালৰ প্ৰতিষ্ঠিত শিক্ষা অনুষ্ঠান এচ কে এচ ইংলিছ একাডেমীৰ প্ৰতিষ্ঠাপক তথা স্বত্বাধিকাৰ দয়ানন্দ শ্বাহ,আটছাৰ প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অচুক উৰাং,ডিব্ৰুগড় জিলা চাহ মৰ্চাৰ সভাপতি প্ৰণৱ তাঁতি প্ৰমূখ্য কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰা নতুন প্ৰজন্মক আগুৱাই দিয়াৰ বাবে লাহোৱাল যুৱ সংঘ আৰু সদৌ অসম শ্ৰমিক যুৱক কল্যাণ পৰিষদে যি প্ৰয়াস কৰিছে তাক সকলোৱে শলাগ লয় ।

লগতে পঢ়ক : ৰঙাপৰাত প্ৰশাসনৰ উচ্ছেদ অভিযান

Last Updated : Jan 4, 2021, 6:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.