ETV Bharat / state

Dowry : যৌতুকৰ দাবীত ডিব্ৰুগড়ত বোৱাৰী নিৰ্যাতন

author img

By

Published : Nov 26, 2021, 7:33 AM IST

Updated : Nov 26, 2021, 8:33 AM IST

ডিব্ৰুগড়ত যৌতুকৰ দাবীত বোৱাৰী নিৰ্যাতন (Dibrugarh woman tortured for dowry) ৷ উপায়ন্তৰ হৈ স্বামী গৃহ এৰিবলৈ বাধ্য প্ৰিয়ংকা খাতুন ৷ এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পাচতো আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷

Dowry
যৌতুকৰ দাবীত ডিব্ৰুগড়ত বোৱাৰী নিৰ্যাতন

মৰাণ, 26 নৱেম্বৰ : সভ্য সমাজক লজ্জিত কৰা এক ঘটনা ৷ ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুকৰ বাবে বোৱাৰী নিৰ্যাতন (Dibrugarh woman tortured for dowry)ৰ দৰে ঘটনা ৷ স্বামীৰ ঘৰে দাবী কৰা যৌতুক দিব নোৱাৰি চাউলখোৱাৰ মাতৃৰ গৃহত উপস্থিত হ’ল এগৰাকী বিবাহিত মহিলা ৷

ঘটনাৰ বিৱৰণি অনুসৰি, ২০১৮ বৰ্ষত বকুলৰ আছাদ ৰহমান ওৰফে বিতু ৰহমান নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ডিব্ৰুগড়ৰ চাউলখোৱাৰ প্ৰিয়ংকা খাতুন । প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল যদিও বিয়াৰ প্ৰায় এমাহৰ পিছতেই পোহৰলৈ আহিল আছাদ ৰহমান আৰু তেওঁৰ পৰিয়ালৰ প্ৰকৃত চৰিত্ৰ ৷ যৌতুক বিচাৰি নৱ বিবাহিত বোৱাৰীক আছাদ ৰহমান আৰু তেওঁৰ পিতৃ-মাতৃয়ে অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰিবলৈ আৰম্ভ কৰে ।

যৌতুকৰ দাবীত ডিব্ৰুগড়ত বোৱাৰী নিৰ্যাতন

অভিযোগ অনুসৰি, প্ৰথমে ভয়-ভাবুকিৰে স্বামী আছাদ ৰহমানে যুৱতীগৰাকীৰ পৰিয়ালৰ পৰা সংগ্ৰহ কৰে বহু লক্ষাধিক টকা । কিন্তু সময় বাগৰাৰ লগে লগে কেৱল ধন দাবীতেই সীমাৱদ্ধ নাথাকি আছাদে তেওঁৰ পত্নী প্ৰিয়ংকা খাতুনৰ পৰিয়ালৰ পৰা এখন বিলাসী গাড়ী ক্ৰয় কৰি দিবলৈ পত্নীক হেঁচা প্ৰয়োগ কৰে ।

অৱশেষত গাৰ্হস্থ্য হিংসা (Domestic violence) সহ্য কৰিব নোৱাৰিলে ভুক্তভোগী প্ৰিয়ংকা খাতুনে । স্বামীগৃহৰ শেহতীয়া এই দাবী পূৰণ কৰিবলৈ অমান্তি হৈ অৱশেষত ভুক্তভোগী প্ৰিয়ংকাই নিজ মাতৃ গৃহলৈ ঘূৰি আহে ৷ ইতিমধ্যে ভুক্তভোগী বোৱাৰীগৰাকীৰ পৰিয়ালবৰ্গই স্বামীৰ এনে কৰ্মৰ বিৰুদ্ধে লাহোৱাল আৰক্ষীৰ (Lahowal Police) লগতে ডিব্ৰুগড়ৰ আৰক্ষী (Dibrugarh Police) অধীক্ষকক প্ৰদান কৰিছে পৃথকে পৃথকে দাখিল কৰিছে এজাহাৰ । কিন্তু এজাহাৰ দাখিল কৰাৰ পিছতো অভিযুক্ত আছাদক আটক কৰা নাই আৰক্ষীয়ে ৷ আৰক্ষীৰ এই ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়াল তথা তেওঁৰ আত্মীয়ই ৷

লগতে পঢ়ক : Dowry : স্বামীয়ে বিচৰা ধন দিব নোৱাৰি মাতৃগৃহ পালেহি বৰ্ণালী

Last Updated : Nov 26, 2021, 8:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.