ডিব্ৰুগড়, 6 নৱেম্বৰঃ ৰাজ্যত পুনৰ যৌতুকৰ বাবে বোৱাৰী হত্যাৰ ঘটনা ৷ ডিব্ৰুগড় জিলাৰ টিংৰাই চাৰিআলি ২নং টিংৰাই নেপালী গাওঁত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ অভিযোগ অনুসৰি হাত ভৰি বান্ধি জ্বলাই দিয়া হয় এগৰাকী নৱ বিবাহিতা বোৱাৰীক ৷ চাৰিমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বোৱাৰীগৰাকী ৷
উল্লেখ্য যে, বিগত ৭ জুলাইত সম্পূৰ্ণ সামাজিক নীতি নিয়মৰ মাজেৰে ২নং টিংৰাই নেপালী গাওঁৰ হাইদৰ আলীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল নিলুফাৰ বেগমে ৷ কিন্তু বিবাহৰ পিছৰে পৰা স্বামী হাইদৰ আৰু তেওঁৰ পৰিয়ালে যৌতুকৰ বাবে নিলোফাৰৰ ওপৰত অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল ৷ প্ৰায় ১৫ দিন পূৰ্বে স্বামী হাইদৰে নিলোফাৰক মাতৃ পৰিয়ালৰ পৰা ৫ লাখ টকা আনিবলৈ দাবী কৰিছিল। এই সমস্ত কথা মাতৃ পৰিয়ালক অৱগত কৰিছিল নিলোফাৰে ৷ দাবী কৰা ধন আদায় নিদিয়াৰ বাবেই নিলোফৰত হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷
আনহাতে, নিলোফৰৰ স্বামীগৃহই সমস্ত ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে যদিও মৃতদেহ উদ্ধাৰৰ সময়ত নিলোফাৰৰ হাত দুখন বন্ধা অৱস্থাত থকা ঘটনাই এইয়া হত্যকাণ্ড বুলি একপ্ৰকাৰৰ স্পষ্ট কৰি দিছে ৷ নিলোফাৰৰ মাতৃ পৰিয়ালৰ শ শ লোকে স্বামী হাইদৰৰ বাসগৃহত উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত স্বামী হাইদৰ আলিক ৷