ETV Bharat / state

DU money scam : দীৰ্ঘদিনে পলাতক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক-উপ পঞ্জীয়ক

১১ ফেব্ৰুৱাৰীৰ পৰা নিলম্বিত হৈ থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ৰঞ্জিত তামুলীক অৱশেষত তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰে ৰাজ্যপাল জগদীশ মুখীয়ে( DU register Ranjit Tamuly ablated by Governor) ৷ কিন্তু বিত্তীয় কেলেংকাৰীৰ অভিযোগত নিলম্বিত দুই পঞ্জীয়ক আৰু উপ-পঞ্জীয়ক আজিও পলাতক ৷

author img

By

Published : Nov 25, 2021, 4:33 PM IST

dibrugarh-university-vice-chancellor-ranjit-tamuli-sacked-two-registrars-and-sub-registrars-are-absconding
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰঞ্জিত তামুলীক অপসাৰণৰ পাছতো পলাতক দুই পঞ্জীয়ক আৰু উপ-পঞ্জীয়ক

মৰাণ, 25 নৱেম্বৰ : অৱশেষত অপসাৰণ কৰা হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক(Dr Ranjit Tamuli ablated) । বিশ্ববিদ্যালয়ৰ প্ৰায় ৫ কোটিটকীয়া বিত্তীয় কেলেংকাৰীৰ অভিযোগত নিলম্বিত হৈ থকা ড৹ তামুলীক বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ নিৰ্দেশ অনুসৰি চাকৰিৰ পৰা অপসাৰণ কৰা হয় ।

ৰাজ্যপালৰ সচিব তথা আয়ুক্ত এছ এছ মিনাক্ষী সুন্দৰমৰ স্বাক্ষৰিত পত্ৰখনত ড৹ তামুলীৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে উঠা অভিযোগ প্ৰমাণিত হোৱাৰ পিছতে নিলম্বন কৰা বুলি তেওঁ প্ৰকাশ কৰিছে । মন কৰিবলগীয়া যে, ড৹ তামুলীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত তদন্তৰ বাবে আচাৰ্যই যোৱা ২৫ জানুৱাৰীত এখন উচ্চ পৰ্যায়ৰ তদন্ত গঠন কৰিছিল ।

27 ফেব্ৰুৱাৰীত তেতিয়াৰ বিধায়ক তথা বৰ্তমানৰ পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই ৰাজ্যপালক এখন অভিযোগ পত্ৰ দাখিল কৰিছিল । একেদিনাই বিশ্ববিদ্যালয়ৰ বিষয়া সন্থাৰ লগতে কছাৰী সন্থায়ো উচ্চ পৰ্যায়ৰ তদন্ত কমিটিক দাখিল কৰিছিল অভিযোগ ।

ইফালে ড৹ তামুলীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ সন্দৰ্ভত গঠন কৰা ফেক্ট ফাইণ্ডিং কমিটিৰ তদন্তৰ প্ৰতিবেদনৰ পিছতে 2021 বৰ্ষৰ ১১ ফেব্ৰুৱাৰীত নিলম্বন কৰা হয় উপাচাৰ্য ড৹ ৰঞ্জিত তামুলীক(fact finding committee report on Dr Ranjit Tamuly) । ফেক্ট ফাইণ্ডিং কমিটিৰ চাৰি পৃষ্ঠাজোৰা প্ৰতিবেদনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় বিভাগত ধনৰ লেনদেন আৰু বিত্তীয় প্ৰশাসনত কেলেংকাৰী সংঘটিত হোৱাৰ কথা উল্লেখ কৰিছে । তদুপৰি প্ৰতিবেদনত অনিয়মানুৱৰ্তিতা, পুঁজিৰ অপব্যয় আৰু উপাচাৰ্যই ক্ষমতাৰ অপব্যৱহাৰ কৰি শাসন চলোৱাৰ কথা উল্লেখ কৰিছে(misuse of power by Vice chancellor) ।

উল্লেখ্য যে, 2021 বৰ্ষৰ ৩ ফেব্ৰুৱাৰীত উচ্চ শিক্ষা সংসদৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, উজনি অসমৰ আয়ুক্ত মলয় বৰা, ফৰেনছিক বিজ্ঞানী ৰাজীৱ শেনচোৱা আৰু ইচৰাফিল মুছাহাৰীৰ নেতৃত্বত যোৱা ফেক্ট ফাইণ্ডিং কমিটিৰ দলটোৱে তদন্ত চলাই পঞ্জীয়ক ড৹ হৰি চন্দ্ৰ মহন্ত আৰু বিত্তীয় উপ-পঞ্জীয়ক ড৹ দিগন্ত বৰাক নিলম্বন কৰে ।

ইফালে নিলম্বিত বিষয়া ড৹ দিগন্ত বৰাক ফেক্ট ফাইণ্ডিং কমিটিয়ে কৰা সোধা-পোচাত উপাচাৰ্যৰ সন্মুখতে উপাচাৰ্যৰ নিৰ্দেশত বিশ্ববিদ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ ফাইল লুকুৱাই ৰখাৰ কথা স্বীকাৰোক্তি প্ৰদান কৰিছে । ইয়াৰ সমান্তৰালভাৱে উপাচাৰ্যকো ফেক্ট ফাইণ্ডিং কমিটিয়ে কেইবাবাৰো জেৰা চলাইছিল। ইফালে আজিও শুং সূত্ৰ নাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোটি টকীয়া বিত্তীয় কেলেংকাৰীৰ অভিযুক্ত ড৹ হৰি চন্দ্ৰ মহন্ত আৰু দিগন্ত বৰাৰ ।

বৰ্তমানলৈকে আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত বিত্তীয় কেলেংকাৰীৰ অভিযোগত নিলম্বিত পঞ্জীয়ক ড৹ হৰি চন্দ্ৰ মহন্ত আৰু উপ-পঞ্জীয়ক (বিত্ত আৰু গাণনিক) দিগন্ত বৰাক । নিলম্বিত পঞ্জীয়ক ড৹ হৰি চন্দ্ৰ মহন্ত আৰু উপ-পঞ্জীয়ক দিগন্ত বৰাৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায় ৫ কোটি টকা বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক জিতেন হাজৰিকাই ২৪ মাৰ্চতে ডিব্ৰুগড় সদৰ থানাত দাখিল কৰিছিল এজাহাৰ । ডিব্ৰুগড় সদৰ থানাত ৬৪৬/২১ নম্বৰৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ আইনৰ অধীনত 120 (বি)/467/471/409/420) ধাৰা পঞ্জীয়ন হৈ আছে ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাসক কলংকিত কৰা ড৹ হৰি চন্দ্ৰ মহন্ত আৰু দিগন্ত বৰাৰ ৰহস্যজনক আত্মগোপনে সকলোকে এতিয়া চিন্তিত কৰি তুলিছে । আৰক্ষীক আধুনিকীকৰণৰ কথা কোৱা অসম আৰক্ষীয়ে ড৹ হৰি চন্দ্ৰ মহন্ত আৰু দিগন্ত বৰাৰ দৰে সাধাৰণ অভিযুক্তক চাৰি মাহ ধৰি বিচাৰি উলিয়াব নোৱাৰাত এতিয়া আৰক্ষীৰ ব্যৰ্থতাকো প্ৰতিফলিত কৰিছে ।

লগতে পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক অপসাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.