ETV Bharat / state

অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ - অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ

অফলাইন পদ্ধতিত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ প্ৰতিবাদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ । কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাসমূহ অনলাইন পদ্ধতিত অনুষ্ঠিত কৰাৰ দাবী শিক্ষাৰ্থীসকলৰ । মঙলবাৰে এই বিষয়ত ছাত্ৰ একতা সভা আৰু বিশ্ববিদ্যালয় প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক ।

অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ

author img

By

Published : Apr 20, 2021, 9:06 PM IST

মৰাণ,২০ এপ্ৰিল: সমগ্ৰ ৰাজ্যতে এতিয়া কৰ'ণাৰ সংক্ৰমণ আৰম্ভ হৈছে । চৰকাৰ তথা প্ৰশাসনে মহামাৰীৰ সংক্ৰমণ ৰোধৰ চেষ্টাও অব্যাহত ৰাখিছে । বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বিশেষকৈ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ কথা চিন্তা কৰি ইতিমধ্যে অধিক আক্ৰান্ত জিলাসমূহত প্ৰাথমিক বিদ্যালয় বন্ধৰো ঘোষণা কৰিছে চৰকাৰে । কিন্তু কৰ'ণা সংক্ৰমণৰ বাবে অধিক শংকিত হৈ পৰিছে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল ।

ইযাৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ যো-জা চলাইছে । মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ সময়ত এনেদৰে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি শিক্ষাৰ্থীসকলে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে । ইয়াৰ পিছতে পৰীক্ষা সন্দৰ্ভত আলোচনাৰ বাবে মঙলবাৰে শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এক বৈঠকত মিলিত হয় । স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা, বিভিন্ন কেন্দ্ৰ, কেইবাটাও বিভাগৰ প্ৰতিনিধি আৰু বিশ্ববিদ্যালয় প্ৰশাসনৰ মাজত এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয় ।

অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ
অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ

বৈঠকত প্ৰশাসনে অফলাইন পদ্ধতিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তক ছাত্র একতা সভাৰ লগতে সকলো ছাত্র-ছাত্রীয়ে বিৰোধিতা কৰে । উক্ত সভাত ছাত্র একতা সভাই স্নাতক আৰু স্নাতকোত্তৰ দুয়োটা মহলাৰ হ'বলগীয়া চূড়ান্ত পৰীক্ষাসমূহ অনলাইন পদ্ধতিৰে অনুষ্ঠিত কৰাৰ পোষকতা কৰি বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ ওচৰত দাবী জনায় । বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ সিদ্ধান্ত এতিয়ালৈ ঘোষণা কৰা নাই যদিও শিক্ষাৰ্থীসকল আশাবাদী যে ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাসমূহ কৰ্তৃপক্ষই অনলাইন পদ্ধতিৰে অনুষ্ঠিত কৰিব ।

লগতে পঢ়ক: কলহী নৈত সন্ধানহীন যুৱক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.