ETV Bharat / state

বিতৰ্কত ডিব্ৰুগড় বিশ্ববিদ্যালয়: গৱেষণাপত্ৰ চুৰিৰে ডক্টৰেট ডিগ্ৰী লাভৰ অভিযোগ - উপাচাৰ্য

বিতৰ্কই লগ নেৰা হৈছে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক ৷ এইবাৰ স্বয়ং বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ বিৰুদ্ধে উঠিছে গৱেষণাপত্ৰ চুৰি কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ গুৰুতৰ অভিযোগ ৷

dibrugarh-university-research-paper-scam
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আনৰ গৱেষণাৰে ডক্টৰেট ডিগ্ৰী আহৰণৰ চেষ্টা
author img

By

Published : Aug 8, 2021, 10:50 AM IST

ডিব্ৰুগড় , 8 আগষ্ট : পুনৰ বিতৰ্কৰ আৱৰ্তত ডিব্ৰুগড় বিশ্ববিদ্যালয় । স্বয়ং বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ বিৰুদ্ধে উঠিছে আনৰ গৱেষণাপত্ৰ চুৰি কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ এক গুৰুতৰ অভিযোগ ৷ অভিযোগ অনুসৰি, ১২ বছৰ পুৰণা গৱেষণা পত্ৰৰ তথ্য চোৰ কৰি নতুনকৈ আন এজনে লাভ কৰিলে ডক্টৰেট ডিগ্ৰী । ইয়াৰ পাচতে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে খোদ ডক্টৰেটৰ গাইড ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আনৰ গৱেষণাৰে ডক্টৰেট ডিগ্ৰী আহৰণৰ চেষ্টা

বিতৰ্কই যেন লগ নেৰা হৈছে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক ৷ এইবাৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু বিশ্ববিদ্যালয়খনৰেই অসমীয়া বিভাগৰ এগৰাকী সহকাৰী অধ্যাপক দৰ্পনজিৎ কোঁৱৰ । অধ্যাপকগৰাকীৰ বিৰুদ্ধে তথ্য চুৰিৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে একালৰ গৱেষক তথা ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড॰ বিজু মৰাণে ৷

অভিযোগ অনুসৰি, ড॰ মৰাণৰ গৱেষণা গ্ৰন্থৰপৰা সহকাৰী অধ্যাপক কোঁৱৰে সৰ্বমুঠ ২৮ পৃষ্ঠাৰ তথ্য কোনো ঋণ স্বীকাৰ নকৰাকৈয়ে বা গৱেষণা ৰীতিমতে যাৱতীয় প্ৰসংগ উল্লেখ নকৰাকৈয়ে ব্যৱহাৰ কৰিছে ৷ ইতিমধ্যে এই সন্দৰ্ভত ড॰ বিজু মৰাণে উপযুক্ত প্ৰমাণসহ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যলৈ লিখিতভাৱে অভিযোগ দাখিল কৰিছে ।

২০১৪ চনতেই আন এগৰাকী গৱেষকে পিএইচডি ডিগ্ৰীৰ বাবে দাখিল কৰা ‘টাই খাময়াং ভাষাঃ বৰ্ণনাত্মক অধ্যয়ন’ শীৰ্ষক গৱেষণা গ্ৰন্থৰপৰা সৰ্বমুঠ ১৯ পৃষ্ঠাৰ তথ্য নিয়মবিহীনভাৱে ব্যৱহাৰ কৰা বুলি ড॰ মৰাণে অভিযোগ কৰিছে । ইয়াৰ পূৰ্বে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দৰ্পনজিৎ কোঁৱৰে 'খাময়াং ভাষাৰ
ধবনিতত্ত্ব সাংবহনিক বিশেষণ’ বিষয়ত এম. ফিল. ডিগ্ৰী লাভ কৰিছিল ৷ প্ৰায় একে বিষয়তে কেনেকৈ ২০১৯ বৰ্ষত পিএইচডি ডিগ্ৰীৰ বাবে দাখিল কৰাৰ লগতে পৰৱৰ্তী সময়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল সেয়া অতি ৰহস্যপূৰ্ণ হোৱাৰ লগতে বিশ্ববিদ্যালয়ৰ গাইডৰ ভূমিকায়ো সন্দেহৰ সৃষ্টি কৰিছে

লগতে পঢ়ক : লক্ষ্য বড়ো ভূমি: গৌৰৱৰ নেতৃত্বত সমিতি গঠন কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.