ডিব্ৰুগড়,25ছেপ্টেম্বৰঃ পুনৰ ডিব্ৰুগড়ত ভয়ংকৰ ঘটনা । ডিব্ৰুগড়ৰ লাহোৱাল থানা অন্তৰ্গত বচাপথাৰত এগৰাকী যুৱতীক গাড়ীৰ ভিতৰতে ধৰ্ষণৰ অপচেষ্টা ৰূপজ্যোতি হাতীবৰুৱা নামৰ যুৱকৰ ৷
ঘটনা অনুসৰি ডিব্ৰুগড়ৰ লাহোৱালৰ পৰা বছাপথাৰলৈ উক্ত যুৱকজনৰ সৈতে মেজিকত গৈছিল যুৱতী গৰাকী । কিন্তু কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি নিৰ্জন পথত যুৱতী গৰাকীক AS06BC 5039 নম্বৰৰ মেজিকখনৰ ভিতৰতে ধৰ্ষণৰ অপচেষ্টা কৰে যুৱকজনে । অৱশেষত যুৱতী গৰাকীয়ে কৌশলেৰে পলায়ন কৰে । পাচত যুৱতীগৰাকীৰ গোচৰৰ ভিত্তিত লাহোৱাল থানাত ভাৰতীয় দণ্ড বিধি আইনৰ u/s 354/354(A)/509 ipc ধাৰাৰ অধীনত ২০৯/১৯ নং গোচৰ পঞ্জীয়ন কৰি তৎপৰতাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ লগতে এই ঘটনাত জড়িত টাটা মেজিক খনো জব্দ কৰে আৰক্ষীয়ে ।