ETV Bharat / state

বাঁহৰ চালিত জীৱনৰ আদিপাঠ - 3NO BAHANI LP SCHOOL TINGKHANG

সঁচা অৰ্থত ক'বলৈ গ'লে এখন বাঁহৰ ভগা বেৰাৰ বিদ্যালয়। এজাক সামান্য বৰষুণ দিলেই বন্ধ হয় বিদ্যালয়ৰ পাঠদান। শিক্ষামন্ত্ৰীৰ দৃষ্টিগোচৰ কেতিয়া হ'ব টিংখাঙৰ 3 নং বাহনি প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা ৷

বাঁহৰ চালিত জীৱনৰ আদিপাঠ
বাঁহৰ চালিত জীৱনৰ আদিপাঠ
author img

By

Published : Feb 27, 2020, 9:23 AM IST

টিঁংখাং,27 ফেব্ৰুৱাৰীঃ শিক্ষা বিভাগত উন্নয়নৰ নমুনা। টিংখাঙত জৰাজীৰ্ণ পাঠশালাত চলিছে কণ-কণ ছাত্র-ছাত্ৰীৰ জীৱনৰ আদিপাঠ । কাণসাৰ নাই মন্ত্ৰী কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ। সঁচা অৰ্থত ক'বলৈ গ'লে এখন বাঁহৰ ভগা বেৰাৰ বিদ্যালয়। এজাক সামান্য বৰষুণ দিলেই বন্ধ হয় বিদ্যালয়ৰ পাঠদান। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৩নং বাহনি প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য দেখিলে গম পাব কি পৰিৱেশত ছাত্ৰ ছাত্ৰীয়ে পাঠগ্ৰহণ কৰিবলগা হৈছে বিদ্যালয়খনত দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাতে চলি আছে পাঠদান।

এখন বাঁহৰ ভগা বেৰাৰ বিদ্যালয়

জয়পুৰ শিক্ষা খণ্ডৰ অধীনৰ বিদ্যালয়খন প্ৰাদেশীকৰণ হয় ২০১৩ চনত । বিদ্যালয়খনত ২৯ জন ছাত্ৰ -ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ দুজন শিক্ষক। প্ৰাদেশীকৰণৰ সাত বছৰ উকলি যোৱাৰ পাচতো বিদ্যালয়খনে চৰকাৰৰ পৰা লাভ নকৰিলে বিদ্যালয় গৃহৰ অনুদান। এতিয়া জৰাজীৰ্ণ এই গৃহটোতে চলে পাচটা শ্ৰেণীৰ পাঠদান। বাঁহৰ ভগাবেৰাৰ মাজত এক অবিদ্যায়তনিক পৰিৱেশত জীৱনৰ আদিপাঠ গ্ৰহণ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া শিশুসকলে। ছাত্ৰ ছাত্ৰী বহিবলৈ নাই ডেস্ক-বেঞ্চ। এজাক সামান্য বৰষুণ দিলেই চালৰ ফুটাৰে পানী পৰে ফলত বিদ্যালয়ত পাঠগ্ৰহণ কৰিব নোৱাৰে ছাত্ৰ ছাত্ৰীসকলে । আনহাতে ২০১৩ চনৰ পৰা দুজন শিক্ষকে বিনা বেতনে কৰি আহিছে শিক্ষা প্ৰদান। চৰকাৰলৈ আহ্বান শীঘ্ৰেই যাতে বিদ্যালয়খনৰ সু-ব্যৱস্থা এটা কৰি দিয়ে ৷

লগতে চাওকঃনিয়াৰ অভিযানত বাংগালোৰত গ্ৰেপ্তাৰ আইছিছ সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.