ডিব্ৰুগড়,4 ডিচেম্বৰঃ ডিব্ৰুগড়ৰ ৰাংলিটিং চাহ বাগিচাৰ অগ্নিপথাৰ লাইনত অঘটন ৷ নিম্নমানৰ সামগ্ৰীৰে অৰ্ধ নিৰ্মিত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত নিৰ্মিত গৃহৰ পঁকী দেৱাল খহি পৰাৰ ফলত মৃত্যু হয় এটি 14 মহীয়া শিশুৰ ৷ শিশুটিৰ মৃত্যুক কেন্দ্ৰ কৰি বাগিচাখনত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷
উল্লেখ্য যে, ডিব্ৰুগড়ৰ মদাৰখাত পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৷ পঞ্চায়তৰ সভাপতি আৰু লাহোৱাল খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে ক্ষোভৰ হৈ পৰিছে ৰাইজ ৷ এই আঁচনিখনত সংঘটিত দুৰ্নীতি আৰু শিশুটোৰ মৃত্যু সন্দৰ্ভত উচিত তদন্তৰ দাবী উত্থাপন কৰি ঘোঁৰামৰা আৰক্ষী চকী ঘেৰাও কৰে বাগিচাৰ শ্ৰমিকৰ লগতে আটছাই ৷
লগতে পঢ়ক-ভোটাৰ আই ডিৰ শুধৰণি সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা