ডিব্ৰুগড়, 6 জুলাই : ডিব্ৰুগড়ৰ গড়কাপ্তানি বিভাগত সংঘটিত বিভিন্ন দূৰ্নীতিৰ অভিযোগ তুলি সৰৱ হৈ পৰিছে জিলা আছু ৷ সোমবাৰে ডিব্ৰুগড়ত গড়কাপ্তানি বিভাগৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ।
উল্লেখ্য যে, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ জোঁৱাইয়েকৰ দ্বাৰা পথ নিৰ্মাণৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে আছুৱে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্বত নিজৰ জোঁৱাইয়েক ঠিকা দি পথ নিৰ্মাণৰ নামত বিভিন্ন দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে গড়কাপ্তানি বিভাগৰ সন্মুখত গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে ।
লগতে পঢ়ক : নতুন ভূমি নীতিৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ