ETV Bharat / state

গৌৰৱোজ্বল 16 টা বছৰ অতিক্ৰম কৰিলে ডিব্ৰুগড় প্ৰেছ ক্লাৱে

কেৱল সাংবাদিকতাতেই দ্বায়বদ্ধতাৰ পৰিসীমা য'ত সমাপ্ত নহয় । তেনে এক ব্যতিক্ৰমী অনুষ্ঠান ৰূপে চিহ্নিত হৈ অহা "বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱে" জয়যাত্ৰাৰ 16 টা বৰ্ষ অতিক্ৰম কৰি উদযাপন কৰে বৰ্ষপূৰ্তি ।

Dibrugarh Pres Club has passed 16 years in a state of dibrugarh etv bharat assam news
গৌৰৱোজ্বল 16 টা বছৰ অতিক্ৰম কৰিলে ডিব্ৰুগড় প্ৰেছ ক্লাবে
author img

By

Published : Aug 15, 2021, 10:02 PM IST

ডিব্ৰুগড়, 15 আগষ্ট : বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱে গৰকিলে গৌৰৱোজ্জল 16 টা বৰ্ষ ৷ কেৱল সাংবাদিকতাতেই দ্বায়বদ্ধতাৰ পৰিসীমা য'ত সমাপ্ত নহয় । তেনে এক ব্যতিক্ৰমী অনুষ্ঠান ৰূপে চিহ্নিত হৈ অহা "বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱে" জয়যাত্ৰাৰ 16 টা বৰ্ষ অতিক্ৰম কৰি উদযাপন কৰে বৰ্ষপূৰ্তি । প্ৰতিবাৰৰ দৰে এইবাৰো ক্লাৱৰ ষষ্ঠদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সাংবাদিকতা জীৱনত আগবঢ়োৱা অৱদান আৰু আন কেইবাটাও দিশত উত্তৰণ ঘটোৱা কেইবাগৰাকীও লোকক জনোৱা হয় বিশেষ সম্বৰ্ধনা ।

গৌৰৱোজ্বল 16 টা বছৰ অতিক্ৰম কৰিলে ডিব্ৰুগড় প্ৰেছ ক্লাবে

উল্লেখ্য যে, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱে 16 টা বৰ্ষ অতিক্ৰম কৰি 17 সংখ্যক বৰ্ষত ভৰি দিলে । ডিকমৰ পৰা খোৱাঙলৈকে কৰ্মৰত সাংবাদিক সকলক লৈ গঠন হোৱা ডিব্ৰুগড় জিলাৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ এই শুভ মূহুৰ্তত "প্ৰতিষ্ঠা দিৱস আৰু সম্বৰ্ধনা" অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটো সফল কৰি তোলে ক্লাৱৰ সভাপতি মনজিৎ বৰা, কাৰ্যকৰী সভাপতি আদিত্য শইকীয়া, সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি ৰাজীৱ বৰগোহাঞি, শিক্ষাবিদ তথা সাহিত্যিক ড৹ শশীকান্ত শইকীয়া সহ ক্লাৱৰ আন বহু বিষয়ববীয়াই ।

বিগত বছৰ সমূহৰ দৰে এইবাৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠান বৃহৎ কাৰ্যসূচীৰ পৰিৱৰ্তে ক’ভিড প্ৰট’কল অনুসৰি এক চমু অনুষ্ঠানৰ যোগেদি উদযাপন কৰা হয় ।

এই অনুষ্ঠানত বিশিষ্ট লেখক, নিবন্ধকাৰ,শিক্ষাবিদ, জেষ্ঠ সাংবাদিক, বৃহত্তৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি, সাধাৰণ সম্পাদক ভূষণ জ্যোতি সন্দিকৈ, আমাৰ অসম কাকতৰ জেষ্ঠ সাংবাদিক তথা সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সংবাদ পত্ৰ সোণোৱাল বাৰ্তাৰ সম্পাদক ৰতন হাজৰিকা, অনিল কুমাৰ পোদ্দাৰ, প্ৰদীপ গগৈ, চন্দন ফুকন, দীপজয় শইকীয়াক সম্বৰ্ধনা জনোৱা হয় ৷ এই সম্বৰ্ধনাত আছে এখন প্ৰশস্তি পত্ৰ,অসমীয়াৰ স্বাভিমানৰ প্ৰতীক জাপি আৰু ফুলাম গামোচাৰ লগতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ স্মাৰক ।

লগতে পঢ়ক : ত্ৰিৰংগাৰ তলৰ পৰাই মূলসুঁতিলৈ আহিবলৈ পৰেশ বৰুৱাক আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.