ETV Bharat / state

ড্ৰাগছ, গাঞ্জা মদৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীৰ অবিৰত অভিযান - ড্ৰাগছ সৰবৰাহকাৰী

নিত্য ব্য়ৱহাৰ্য সামগ্ৰী সহজলভ্য হওঁক বা নহওঁক, কিন্তু ডিব্ৰুগড়ত এতিয়া সহজে উপলব্ধ হৈ পৰিছে ড্ৰাগছ, গাঞ্জা, মদ আদি নিচাযুক্ত সামগ্ৰী । জিলাখনৰ এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ড্ৰাগছ গাঞ্জা তথা সুৰাৰ বিৰুদ্ধে অবিৰত অভিযান চলাইছে ডিব্ৰুগড় আৰক্ষীয়ে ৷

dibrugarh police mission againts drugs wine and weed
ড্ৰাগছ,গাঞ্জা মদৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীৰ অবিৰত অভিযান
author img

By

Published : May 20, 2021, 8:42 PM IST

ডিব্ৰুগড়,20 এপ্ৰিল : আংশিক লকডাউনৰ মাজতে ডিব্ৰুগড়ত উঠিছে ড্ৰাগছ, গাঞ্জা, হেৰ'ইন আৰু বিলাতী সুৰাৰ উজান । ক’ৰবাত যদি কেজিয়ে কেজিয়ে গাঞ্জা, আনফালে ক’ৰবাত পোৱা গৈছে নিষিদ্ধ ব্ৰাউন ছুগাৰ, হেৰ'ইন তথা বটলে বটলে অবৈধ বিলাতী সুৰা। মুঠৰ ওপৰত লকডাউনত চাউল-দাইল আলু মিঠাতেল সহজে পোৱা নগলেও তেনেই সহজলভ্য হৈ উঠিছে ড্ৰাগছ, গাঞ্জা তথা সুৰা আদি নিচাজাতীয় সামগ্ৰী ।

ড্ৰাগছ,গাঞ্জা মদৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীৰ অবিৰত অভিযান

উল্লেখযোগ্য যে, ডিব্ৰুগড়ত বৃহস্পতিবাৰৰ দিনটোৰ ভিতৰতে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে এক প্ৰকাৰৰ অবিৰত অভিযান । বৃহস্পতিবাৰে পুৱা চহৰৰ মাজ মজিয়াৰ পাঁচ আলিৰ পৰা 27 কিলোগ্ৰাম গাঞ্জা জব্দ সহ এজনক গ্ৰেপ্তাৰ কৰাৰ পাছতে পাচবেলা আকৌ লাহোৱাল থানাৰ অন্তৰ্গত ডিব্ৰৱাল চাংমাই গাঁৱৰ পৰা প্ৰাঞ্জল হাজৰিকা নামৰ এজন যুৱকৰ পৰা একেলগে 21.52 গ্ৰাম সন্দেহযুক্ত ব্ৰাউন ছুগাৰ, 6.30 গ্ৰাম হেৰইন সহ, 11 কেছ অৰুণাচলী বিলাতী সুৰাৰ লগতে 5600 টকা নগদ ধন জব্দ কৰে । গ্ৰেপ্তাৰ কৰা সময়ত ধৃত প্ৰাঞ্জলৰ পৰা জব্দ কৰা হয় এখন স্কুটিও ।

উল্লেখ্য যে, সুৰাখিনি লিকাবালীৰ পৰা অনাৰ বিপৰীতে হেৰ'ইন আৰু ব্ৰাউন ছুগাৰখিনি মাৰ্ঘেৰিটাৰ পৰা সৰবৰাহ কৰি অনা হৈছিল বুলি জানিব পৰা গৈছে ।
ধৃত প্ৰাঞ্জলক ডিব্ৰুগড় আৰক্ষীৰ ভাৰপ্ৰাপ্ত উপ আৰক্ষী অধীক্ষক অনুপ জ্যোতি বৰা, লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালা, ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শয়কীয়া সহ এটা আৰক্ষী দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ।

বহু পূৰ্বৰে পৰা ধৃত প্ৰাঞ্জলে ড্ৰাগছ সহ অবৈধ সুৰাৰ বেহা চলাই আহিছিল বুলি আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক :মৃত ক'ভিড ৰোগীক চিকিৎসা কৰি চিকিৎসক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.