ETV Bharat / state

এটা পৰিয়ালক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত আতংক !

author img

By

Published : May 10, 2020, 2:59 PM IST

গুৱাহাটীৰ আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ পৰা অহা ৰোগীক লৈ চিন্তিত ডিব্ৰুগড়বাসী । গ্ৰীণ জ'ন হিচাপে চিহ্নিত ডিব্ৰুগড়ত এতিয়া আতংক ।

corona pandemic
corona pandemic

ডিব্ৰুগড,10 মে': গুৱাহাটীৰ পৰা উজনি অসমৰ ডিব্ৰুগড়লৈ যাত্ৰীবাহী বাছ আৰু ব্যক্তিগত বাহনেৰে অহা লোকক লৈ শংকিত বিভিন্ন জন। বিশেষকৈ গুৱাহাটীৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসক COVID-19ত আক্ৰান্ত হোৱাৰ পাচত উক্ত চিকিৎসালয়ত চিকিৎসাৰ বাবে যোৱা ৰোগী সকল চিন্তিত হৈ পৰিছে ।

গুৱাহাটীস্থিত আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসকৰ দেহত COVID-19 ধৰা পৰাৰ পাচতে চিকিৎসাৰ বাবে যোৱা এটা পৰিয়াল বাছেৰে ডিব্ৰুগড়লৈ ঘুৰি আহে । শনিবাৰে নিশা AR16A 4200 নম্বৰৰ বাছখনত গুৱাহাটীৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হয় চাৰিজনীয়া পৰিয়ালটো ।

গুৱাহাটীৰ পৰা যোৱা এটা পৰিয়ালৰ বাবে ডিব্ৰুগড়ত আতংক !

এই খবৰ লাভ কৰাৰ লগে লগে ডিব্ৰুগড়ৰ জিলা স্বাস্থ্য বিভাগে ডিব্ৰুগড়ৰ ফুলবাগানৰ ভিক্টোৰিয়া গাৰ্লছ হাইস্কুলত স্বাস্থ্য পৰীক্ষা কৰাই অসম চিকিৎসা মহাবিদ্যালয়লৈ পঠিয়াই দিয়ে চাৰিজনীয়া পৰিয়ালটোক । অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা পোনে পোনে 30 খন বিচনাযুক্ত জকাই হাস্পতালত কোৱাইন্টাইন ৰ বাবে প্ৰৰণ কৰে পৰিয়ালটোক । আনহাতে বাছখনৰ অন্যান্য যাত্ৰী সকলকো হোম কোৱাইন্টাইন কৰাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে । ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালক নৱজ্যোতি গগৈয়ে জানিবলৈ দিয়া অনুসৰি, শনিবাৰে নিশা পৰ্যন্ত এই চাৰি ব্যক্তিৰ দেহত কোনো কৰ'ণাৰ লক্ষণ নাই, অৱশ্যে তেওঁলোকৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : মাতৃৰ বিয়োগৰ পাচতে AIIMSত আত্মহত্যা কন্যাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.