ETV Bharat / state

ডিব্ৰুগড়ত ৰঙা ফিটা কাটি ‘আইতাৰ দোকান’ মুকলি - প্ৰত্যাৱৰ্তন

ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ৰঙা ফিটা কাটি ‘আইতাৰ দোকান’ নামেৰে এখন ঘুমটি মুকলি কৰিলে প্ৰত্যাৱৰ্তন নামৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৱে ৷ আত্মীয় হাৰা 60ৰ উৰ্ধৰ এগৰাকী অসহায় আইতাক উপাৰ্জনৰ বাট মুকলি কৰি দিয়ে সংগঠনটোৱে ৷

dibrugarh old woman shop
ডিব্ৰুগড়ত ৰঙা ফিটা কাটি ‘আইতাৰ দোকান’ মুকলি
author img

By

Published : Nov 8, 2020, 4:34 PM IST

ডিব্ৰুগড়,8 নৱেম্বৰ : এডাল ৰঙা ফিটা বন্ধা বাঁহৰ এখন সৰু তামোল-পাণৰ দোকান । নাম ‘আইতাৰ দোকান’ ৷ দোকানখন নতুনকৈ সাজি মুকলি কৰিবলৈ যো-জা কৰা হৈছে । এনেকুৱা তামোল-পাণৰ ঘুমটি নগৰ-চহৰৰ লগতে গাঁৱতো দেখিবলৈ পোৱা যায় ৷ তেনে ক্ষেত্ৰত ইয়াক ৰঙা ফিটা কাটি মুকলি কৰাৰ কাৰণটো নো কি থাকিব পাৰে ?

ডিব্ৰুগড়ত ৰঙা ফিটা কাটি ‘আইতাৰ দোকান’ মুকলি

কাৰণ এই দোকানখনেৰে স্বাৱলম্বী হ’ব এগৰাকী গৃহহাৰা, আত্মীয় হাৰা 60ৰ উৰ্ধৰ এগৰাকী অসহায় আইতা । উৱলি যোৱা ফটাকানিৰে আৱৰা ঠাইডোখৰ, য’ত আজি দুটা যুগৰো অধিক কাল এইগৰাকী আত্মীয় হাৰা আইতাই আশ্ৰয় লৈ মাথো জীয়াইহে আছিল ৷ নাছিল তেওঁৰ কোনো জীৱিকাৰ বাট ৷

খুজি মাগি কাষত থকা কাৰ্যালয় সমূহৰ লোকৰ সাহাৰ্যৰে চলি আছিল আইতা গৰাকী । তাৎপৰ্যপূৰ্ণ কথা যে, কাষতে আছে প্ৰায় অধিকাংশ চৰকাৰী আঁচনিৰ কাম-কাজ পৰিচালিত হোৱা ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ কাৰ্যালয় । কিন্তু উপায়ুক্ত কাৰ্যালয়ৰ বেৰত লাগি থকা তেওঁৰ অসহায় আশ্ৰয়স্থলী ডোখৰত চকু নপৰিল উপায়ুক্ত কাৰ্যালয়ৰ ৷ দুটা যুগে আইতা গৰাকীক ঢুকি নাপালে এখনো চৰকাৰী আঁচনিয়ে ।

অৱশেষত য’তে-ততে খুজি মাগি জীৱন নিৰ্বাহ কৰা এইগৰাকী আইতাৰ কাষত ঠিয় হ’ল বিশেষকৈ নিচা মুক্তিৰ বাবে কাম কৰা প্ৰত্যাৱৰ্তন নামৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠনটো । সংগঠনটোৱে আইতাৰ আশ্ৰয়স্থলীত নিৰ্মাণ কৰি দিলে এখন তামোল-পাণৰ ঘুমটি, যাৰ দ্বাৰা অসহায় আইতা গৰাকীয়ে উপাৰ্জনৰ বাট মুকলি কৰিব পাৰিব । স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলে ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে দোকানখন মুকলি কৰি দিয়াৰ লগতে প্ৰদৰ্শন কৰিলে মানৱীয়তাৰ এক উৎকৃষ্ঠ নিদৰ্শন ৷

লগতে পঢ়ক : অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বিসংগতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.