ETV Bharat / state

Various species of birds in Dibrugarh : শ শ পক্ষীৰ কলৰৱত মুখৰিত ডিব্ৰুগড়ৰ খোৱাং

যান্ত্ৰিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যাব ধৰিছে প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশ। কিন্তু এনে সময়ত আজিও পক্ষীৰ কলৰৱত সাৰ পাই উঠে এখন গাঁৱৰ বাসিন্দা ৷ পুৱা-গধূলি চৰাইৰ মাতে মুখৰিত কৰে গাঁওখনৰ আকাশ-বতাহ ৷ বিভিন্ন প্ৰজাতিৰ শ শ পক্ষীৰ কলৰৱত মুখৰিত ডিব্ৰুগড়ৰ খোৱাং সোণোৱাল বঙালী গাঁও ৷

various type of birds in Khowang
শ শ পক্ষীৰ কলৰৱত মুখৰিত ডিব্ৰুগড়ৰ খোৱাং
author img

By

Published : Aug 19, 2023, 10:17 AM IST

শ শ পক্ষীৰ কলৰৱত মুখৰিত ডিব্ৰুগড়ৰ খোৱাং

ডিব্ৰুগড়, 19 আগষ্ট: বিভিন্ন ঘটনা-পৰিঘটনাৰ অন্তত ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে বগলী, কণামুচৰি, হাড়গিলা আদিৰ দৰে চৰাই । আজিৰ প্ৰজন্মৰ বাবেই এই সমূহ চৰাই অপৰিচিত । এইসমূহ চৰাইৰ বাসস্থান কমি অহাৰ বাবেই আজিৰ দিনত ক্ৰমাৎ হেৰাই গৈছে বগলী, কণামুছৰি, হাড়গিলা চৰাই । কিন্তু ইয়াৰ মাজতে জাক জাক বগলী, কণামুচৰি, হাড়গিলা চৰাইৰ কলৰৱত মুখৰিত ডিব্ৰুগড়ৰ এখন গাঁও ।

ডিব্ৰুগড় জিলাৰ খোৱাং সোণোৱাল বঙালী গাঁওখন এতিয়া প্ৰকৃতিপ্ৰেমীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু পৰিছে ৷ পৃথিৱীৰ পৰা ক্ৰমাৎ লুপ্তপ্ৰায় বিভিন্ন প্ৰজাতিৰ বগলী, কণামুছৰি, হাড়গিলা আদিৰ এটা বৃহৎ জাকে গাঁওখনৰ বাঁহনিত আশ্ৰয় লৈ থকাত পুৱা-গধূলী মুখৰিত কৰিছে অঞ্চলটো ৷ বিগত বহু বছৰ ধৰি প্ৰতি বছৰে ছমাহৰ বাবে এই চৰাইবোৰে আশ্ৰয় গ্ৰহণ কৰি আহিছে গাঁৱখনৰ বাঁহনিখনত ।

বাঁহ আৰু বিভিন্ন গছ-গছনিত আশ্ৰয় লোৱা পক্ষীসমূহৰ ভিতৰত বগলীৰ সংখ্যাই বেছি ৷ গাঁৱবাসীয়ে এই পক্ষীসমূহক কোনো আমনি নকৰাত নিৰাপদে আশ্ৰয় লৈ বংশবৃদ্ধি কৰি আহিছে । শ শ বিভিন্ন প্ৰজাতিৰ পক্ষী বছৰৰ ছয়টা মাহ ইয়াত নিৰাপদে আশ্ৰয় লৈ পুনৰ অন্য প্ৰান্তলৈ উৰা মাৰে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ।

উল্লেখ কৰা প্ৰয়োজন যে, শ শ পক্ষীৰ মল-মূত্ৰ পৰি অঞ্চলটোত এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে যদিও ক্ৰমাৎ হেৰাই যোৱা দুষ্প্ৰাপ্য পক্ষীসমূহক সুৰক্ষা প্ৰদান কৰিছে গাঁওৰ ৰাইজে । কোনো লোকে চৰাই মাৰিবলৈ চেষ্টা কৰিলেও ৰাইজে নিৰাপত্তা প্ৰদান কৰি আহিছে বুলি জানিব পৰা গৈছে । ফলত পক্ষীৰ এক নিৰাপদ আশ্ৰয়স্থল হৈ প্ৰতিবছৰে শ শ ভিন্ন প্ৰজাতিৰ পক্ষী আহে খোৱাং সোণোৱাল বঙালী গাঁওখনলৈ । এইসমূহ চৰাই চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকৃতিপ্ৰেমী সকলেও প্ৰতিদিনে গাঁওখনত ভিৰ কৰেহি বুলি জানিব পৰা গৈছে ।

মুঠৰ ওপৰত বিভিন্ন প্ৰজাতিৰ শ শ পক্ষীৰ কলৰৱত মুখৰিত ডিব্ৰুগড়ৰ খোৱাং সোণোৱাল বঙালী গাঁওখন এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থলী হৈ পৰিছে ।

লগতে পঢ়ক: Kabu chapori Jonai:নি:সহায় কুকুৰৰ কাষত এজাক মহিলা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.