ETV Bharat / state

বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে কি কয় চিকিৎসকে? - ধপাত বিৰোধী দিৱস

বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে ডিব্ৰুগড়ৰ এগৰাকী চিকিৎসকে নিজ মতামত ব্যক্ত কৰিছে ৷ উল্লেখ্য যে, সমগ্ৰ বিশ্বতে এই পৰ্যন্ত 8 মিলিয়ন ধপাত ব্যৱহাৰকাৰীৰ মৃত্যু হৈছে ৷

dibrugarh-doctor-talk-about-world-no-tobacco-day
বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে চিকিৎসকৰ মন্তব্য
author img

By

Published : May 31, 2021, 10:33 PM IST

মৰাণ, 31 মে’: আজি বিশ্ব ধপাত বিৰোধী দিৱস ৷ কিন্তু তথাপিও আমাৰ সমাজত নাই ধপাত বিৰোধী সজাগতা ৷ ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰত স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ সময়তে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল ধপাত বিৰোধী বিশেষ আইন । ৰাজ্যখনত ধপাত আৰু নিকটিনযুক্ত জৰ্দা, গুটখা, পাণমছলা আদিৰ বাণিজ্য, মজুত আৰু বিতৰণৰ লগতে ধপাতৰ ব্যৱসায় সম্পৰ্কীয় সকলো ধৰণৰ বিজ্ঞাপন নিষিদ্ধ কৰা হৈছিল ।

বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে চিকিৎসকৰ মন্তব্য

ডিব্ৰুগড়ৰ এগৰাকী চিকিৎসকে এই দিৱস উপলক্ষে কয় যে, সমাজত ধপাতৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ বাবে এই দিৱস পালন কৰা হয় ৷ এই দিৱসৰ উদ্দেশ্য হৈছে ধপাতমুক্ত সমাজ গঢ়ি তোলা ৷ সমাজত ধপাত, ড্ৰাগছৰ প্ৰচলন বৃদ্ধি হৈ আছে ৷ পুৰুষৰ লগতে মহিলাও ধপাতৰ অনৈতিক কাৰ্যত লিপ্ত হৈছে ৷ ধপাত সমাজৰ সকলো স্তৰতে শিপাই গৈছে ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, সমগ্ৰ বিশ্বতে এই পৰ্যন্ত 8 মিলিয়ন ধপাত ব্যৱহাৰকাৰীৰ মৃত্যু হৈছে ৷ আনহাতে, ধপাত ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ দেশৰ স্থান হৈছে বিশ্বৰ ভিতৰতে দ্বিতীয় ৷ অসমতো ধপাত সেৱন কৰা প্ৰায়সকল লোকেই সময়ত কেঞ্চাৰত আক্ৰান্ত হোৱাৰ তথ্যও পোহৰলৈ আহিছে । কিন্তু ইমানৰ পাচতো মানুহৰ মাজত ধপাত বিৰোধী সজাগতা সৃষ্টি কোনে কৰিব বুলি প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলৰ মাজত ৷

লগতে পঢ়ক : মেট্ৰিক নোহোৱালৈকে কৰিব নোৱাৰিব একাদশ শ্ৰেণীৰ নামভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.