ETV Bharat / state

ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ সংবাদমেল - ডিব্ৰুগড়

লক ডাউনৰ বাবে আৰ্থিক সংকটৰ ফলত বহু মহিলাই উভতাব পৰা নাই মাইক্ৰ ফাইনেঞ্চৰ ঋণ ৷ এনে পৰিস্থিতিত ঋণ দাতাৰ প্ৰতিষ্ঠানৰ পৰা ঋণ বিছাৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চয় ৷ ইয়াকে লৈ সংগঠনটোৱে সোমবাৰে এক সংবাদমেল সম্বোধন কৰে ৷

ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ সংবাদমেল

author img

By

Published : Jul 7, 2020, 5:42 AM IST

ডিব্ৰুগড়, 7 জুলাইঃ লক ডাউনৰ বাবে আৰ্থিক সংকটৰ ফলত বহু মহিলাই উভতাব পৰা নাই মাইক্ৰ ফাইনেঞ্চৰ ঋণ ৷ এনে পৰিস্থিতিত ঋণ দাতাৰ প্ৰতিষ্ঠানৰ পৰা ঋণ বিছাৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চয় ৷ ইয়াকে লৈ সংগঠনটোৱে সোমবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ তাত তেওঁলোকে মাইক্ৰ ফাইনেঞ্চ প্ৰতিষ্ঠানে ধাৰ্য্য কৰা চক্ৰ বৃদ্ধি সুত দিবলৈ অস্বীকাৰ কৰাৰ লগতে চৰকাৰ আৰু ৰিজাৰ্ভ বেংকৰ সৈতে হোৱা আলোচনাৰ পাচতহে ঋণৰ ধন উভতাই দিব বুলি মন্তব্য কৰে ৷

ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ সংবাদমেল

এই সংবাদমেলত সংগঠনটোৱে ঋণ উভতাই দিব নোৱাৰা মহিলা সকলৰ বাবে অসম চৰকাৰৰ 2020-21 বিত্তীয় বৰ্ষৰ বাজেটত ধাৰ্য কৰা 500 কোটি টকাৰ কথাও উল্লেখ কৰে ৷ এই ক্ষেত্ৰত ধন কি দৰে মোকলাই দিয়া হ'ব তাৰ বাবে কৰ'ণা সংকট সাম কাটিলেই আলোচনা কৰা হ’ব বুলি উল্লেখ কৰে ৷ বাজেটত ধৰি দিয়া ৫০০ কোটি টকাৰ পেকেজ সোনকালে মোকলাই দি মহিলাসকলক অনতিপলমে উদ্ধাৰ কৰিবলৈ চৰকাৰক অনুৰোধ জনায়৷

উল্লেখ্য যে, ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চই দীৰ্ঘদিনধৰি মাইক্ৰফাইনেন্সৰ ঋণ লৈ উভতাব নোৱাৰি সৰ্বহাৰা হোৱা মহিলা সকলৰ হৈ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত এক্যবদ্ধভাবে যুঁজ দি আহিছে বুলি প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ ২০২১ চনত কংগ্ৰেছৰ নেতৃত্বত কা বিৰোধী শক্তিয়ে লাভ কৰিব এশ আসন:কোনে ক'লে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.