ETV Bharat / state

ৰাসায়নিক সাৰৰ মূল্য নিয়ন্ত্ৰণৰ বাবে তৎপৰ ডিব্ৰুগড় প্ৰশাসন

author img

By

Published : Jul 8, 2021, 12:13 PM IST

ৰাসায়নিক সাৰৰ মূল্যবৃদ্ধিয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে কৃষকৰ মাজত ৷ উপায়হীন হৈ পৰিছে কৃষকসকল ৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ডিব্ৰুগড় প্ৰশাসনে ৷

Dibrugarh district administration taking steps for price rise of Chemical fertilizer
ৰাসায়নিক সাৰৰ মূল্য নিয়ন্ত্ৰণৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন

ডিব্ৰুগড়, 8 জুলাই : ক'ভিডৰ সমান্তৰালকৈ ৰাজ্যৰ কৃষি প্ৰধান অসমীয়া সমাজত ব্যৱস্থাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ অত্যাশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে অভাৱনীয় হাৰত বৃদ্ধি হৈছে কৃষি ক্ষেত্ৰত ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য ৷ যাৰ বাবে কৃষিৰ এই ভৰপক সময়তে মূল্যবৃদ্ধিৰ বাবে হাহাকাৰ কৰিছে কৃষক ৰাইজে ৷

ৰাজ্যৰ বিভিন্ন ঠাইৰ কৃষকসকলৰ দৰে ডিব্ৰুগড় জিলাৰ কৃষকসকলেও অভাৱনীয় হাৰত ৰাসায়নিক সাৰৰ মূল্যবৃদ্ধিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ ৰাজ্যৰ কৃষি বিভাগে সাৰৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰি কৃষকক উপকৃত কৰাৰ কথা কৈ আহিলেও প্ৰকৃততে সেয়া কাৰ্যত পৰিণত হোৱা নাই ৷ বজাৰত ৰাসায়নিক সাৰৰ এতিয়া অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি হোৱা দেখা গৈছে ।‌

ৰাসায়নিক সাৰৰ মূল্য নিয়ন্ত্ৰণৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । বুধবাৰে ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলাখনৰ কিছুসংখ্যক পাইকাৰী আৰু খুচুৰা সাৰ বিক্ৰেতাৰ লগত আলোচনাত মিলিত হয় ।

ঘাইকৈ সাৰৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে উপায়ুক্ত গৰাকীয়ে । সভাত উপায়ুক্তই ৰাসায়নিক সাৰ বিক্ৰেতাসকলৰ বিভিন্ন সমস্যাৱলীৰ বিষয়েও বুজ লৈ সেইবোৰ সমাধানৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে । সভাত জিলা উন্নয়ন আয়ুক্ত পাৰ্থপ্ৰতীম বৈৰাগী, সহকাৰী আয়ুক্ত হেমা নায়ক, জিলা কৃষি বিষয়াৰ লগতে জিলাখনৰ সকলো কৃষি উন্নয়ন বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক: কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত ল’লে সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.