টিংখাং, 29 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি অব্যাহত আছে লক্ ডাউন ৷ এই সময়ছোৱাত জনসাধাৰণে সন্মুখীন হোৱা সমস্যাসমূহৰ ক্ষেত্ৰত প্ৰতিটো বিভাগৰ চৰকাৰী বিষয়া কৰ্মচাৰী সকলক ওচৰৰ পৰা সহায় হাত আগবঢ়োৱাৰ নিৰ্দেশ ৷ এই বিষয়ৰ প্ৰতি গুৰুত্ব আৰোপ কৰি টিংখাঙত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা ।

স্বাস্থ্য, বিদ্যুৎ, অসামৰিক যোগান আদি সকলো গুৰুত্বপূৰ্ণ বিভাগৰ বিষয়া কৰ্মচাৰী সকলক একগোট কৰি বিধায়ক বিমল বড়া আৰু জিলা উপযুক্ত পল্লৱ গোপাল ঝাই বুধবাৰে টিংখাঙৰ উন্নয়ন খণ্ড কাৰ্যালয় চৌহদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে এই পৰ্যালোচনা সভাখন ।
বিধায়ক, জিলা উপায়ুক্ত, জিলা উন্নয়ন বিষয়া , খণ্ড উন্নয়ন বিষয়া, স্থানীয় চক্ৰ বিষয়া, আদিৰ উপস্থিতিত সভাখনত বৰ্তমান এই সংকটৰ সময়ছোৱাত টিংখাং সমষ্টিৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালসমূহে যাতে অনাহাৰে থাকিব লগা নহয় তাৰ তদাৰকৰ বাবে নিৰ্দেশ দিয়ে বিধায়ক আৰু উপায়ুক্তই ৷ ঘৰে ঘৰে চৰকাৰী চাউল বিতৰণ কৰা, চিকিৎসাৰ ক্ষেত্ৰত কোনো লোক বঞ্চিত হ'ব লগা নহয়, কোনো কাৰণত যাতে বিদ্যুতৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয় আদি বিষয় সমূহৰ ওপৰত পুংখানুপুংখ ভাৱে আলোচনা কৰি সকলো বিষয়াকে নিজ নিজ কৰ্তব্য সুচাৰূপে কৰি যাবলৈ অনুৰোধ জনায় বিধায়ক বিমল বৰাই ৷
লগতে পঢ়ক : ঘৰৰ ভিতৰত আৱদ্ধ কৰি অকথ্য নিৰ্যাতন চলালে দুই মহিলাৰ ওপৰত !