ETV Bharat / state

ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ জালনি চাহ বাগিচাত উপস্থিত ডিব্ৰুগড় উপায়ুক্ত - উপায়ুক্ত পল্লৱ গোপাল ঝা

শুকুৰবাৰে টেঙাখাট ৰাজহ চক্ৰৰ অন্তৰ্গত জালনি চাহ বাগিচাত উপস্থিত হয় উপায়ুক্ত পল্লৱ গোপাল ঝা । ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও বাগিচা কৰ্তৃপক্ষ, টেঙাখাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, স্বাস্থ্য বিভাগৰ চিকিৎসক বিষয়া, আৰক্ষী বিভাগৰ লোক, বিভিন্ন চাহ জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিসকলৰ উপস্থিতিত ক'ভিডৰ সংক্ৰমণ ৰোধৰ বিষয়সমূহ পৰ্যালোচনা কৰে ।

DIBRUGARH DC
জালনি চাহ বাগিচাত ডিব্ৰুগড় উপায়ুক্ত
author img

By

Published : May 21, 2021, 6:47 PM IST

মৰাণ,২১ মে': ডিব্ৰুগড় জিলাৰ প্ৰায়বোৰ চাহ বাগিচাতে ক'ভিডৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । চাহ বাগিচাসমূহত প্ৰতি দিনে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগী ।‌ একাংশ লোকৰ অসাৱধানতা আৰু সজাগতাৰ অভাৱৰ বাবে চাহ বাগিচাসমূহ কৰ'ণাৰ হটস্পটলৈ ৰূপান্তৰ হোৱা দেখা গৈছে । এই ক্ষেত্ৰত প্ৰশাসনে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সেয়া সফল হোৱা নাই ।

সেয়ে শুকুৰবাৰে জিলাখনৰ উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত হয় টেঙাখাট ৰাজহ চক্ৰৰ অন্তৰ্গত জালনি চাহ বাগিচাত । বৰ্তমানৰ ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও বাগিচা কৰ্তৃপক্ষ, টেঙাখাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, স্বাস্থ্য বিভাগৰ চিকিৎসক বিষয়া, আৰক্ষী বিভাগৰ লোক, বিভিন্ন চাহ জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিসকলৰ উপস্থিতিত ক'ভিডৰ সংক্ৰমণ ৰোধৰ বিষয়সমূহ পৰ্যালোচনা কৰে ।

DIBRUGARH DC
জালনি চাহ বাগিচাত ডিব্ৰুগড় উপায়ুক্ত

বিশেষকৈ বাগিচাত ক'ভিডৰ স্বাস্থ্য বিধিসমূহ সঠিকভাবে পালন হৈ আছেনে নে নাই তাৰ বিষয়েও উপায়ুক্তগৰাকীয়ে কৰ্তৃপক্ষৰ জানিবলৈ চেষ্টা কৰে । ইয়াৰ উপৰিও উক্ত চাহ বাগিচাখনত বাগিচা কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ সহযোগত স্থাপন কৰা ক'ভিড কেয়াৰ চেণ্টাৰটো পৰিদৰ্শন কৰে আৰু যাৱতীয় ব্যৱস্থাসমূহৰ বিষয়ে বুজ লয় ।

লগতে পঢ়ক:বিলাসীপাৰাত ব্ৰাউন ছুগাৰসহ ড্ৰাগছ ব্যৱসায়ী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.