মৰাণ,23 ডিচেম্বৰ: খ্ৰীষ্টান সকলৰ পৱিত্ৰ উৎসৱ বৰদিনলৈ মাজত মাত্ৰ এটা দিন ৷ বৰদিনৰ প্ৰাকক্ষণত আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গীৰ্জাঘৰ সমূহ ৷ বিগত বৰ্ষতো নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ বাবে ৰাজ্যবাসীয়ে উদযাপন কৰা নাছিল বৰদিন ৷ সেয়েহে চলিত বৰ্ষত কৰ’ণা মহামাৰীৰ ভয়াৱহতা কিছু হ্ৰাস পোৱাত বৰদিনৰ বাবে উৎসুকতাৰে বাট চাইছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড়তো পূৰ্ণভাৱে সজাই পৰাই তোলা হৈছে উত্তৰ পূৰ্বঞ্চলৰ দ্বিতীয় তথা ৰাজ্যৰ প্ৰথমটো গীৰ্জা ঘৰ। চৌপাশে ফুল, ৰঙীন লাইটেৰে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গীৰ্জাটো ৷ কিন্তু এইবেলিও কৰ’ণা মহামাৰীৰ বাবে নীতি-নিয়ম মানি চলিব লাগিব ভক্তসকলে ৷ এই দিশত গীৰ্জা কৰ্তৃপক্ষই বান্ধি দিছে নীতি-নিৰ্দেশনা ৷
লগতে পঢ়ক-'ফ্লিপকাৰ্ট'ত অৰ্ডাৰ দিছিল জোতা; কিন্তু লাভ কৰিলে ছোৱালীৰ জিনচ চাৰ্ট