ডিব্ৰুগড়, 11 এপ্ৰিলঃ 21 দিনীয়া লক ডাউনে বিপদ মাতিছে ৰাজ্যৰ ম'হ পালক সকললৈ ৷ ডিব্ৰুগড়ৰ বগীবিল অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত ম'হ আৰু গৰু পালন কৰি গাখীৰ বিক্ৰীৰ জৰিয়তে পৰিয়াল চলোৱা লোকসকলৰ অৱস্থা ক্ৰমাৎ শোচনীয় হৈ পৰিছে । চিকিৎসাৰ অভাৱত তথা প্ৰয়োজনীয় ঔষধৰ অভাৱত মৃত্যু হৈছে ম'হ পোৱালিৰ। বিগত 17 দিনত নিতৌ নষ্ট হৈছে শ শ লিটাৰ গাখীৰ । লক ডাউনে কাল অমানিশা নমাই আনিছে গো-পালক আৰু ম'হৰ খুটি থকা লোকসকলৰ বাবে , এই সন্দৰ্ভত সাংবাদ দাতা জেচিম আহমেদৰ এক প্ৰতিবেদন..
সংকটত ম'হ পালকঃ বিগত 17 দিনত নষ্ট হৈছে শ শ লিটাৰ গাখীৰ - বিগত 17 দিনত নষ্ট হৈছে শ শ লিটাৰ গাখীৰ
বগীবিলতে প্ৰায় অৰ্ধশতাধিক ম'হৰ খুটি আছে । এই ম'হৰ খুটি সমূহত ম'হ পালকে ৪০-৪৫ টাকৈ খিৰতি ম'হ ৰাখে । ম'হৰ খুটি সমূহৰ পৰাই চহৰৰ বিভিন্ন স্থানত গাখীৰ যোগান ধৰা হয় ।