ডিব্ৰুগড়,৬জুলাই: যোৱা ২ জুলাইত ডিব্ৰুগড় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজিত চৌধুৰী । এগৰাকী যুৱতীৰ সৈতে নিজেই নীলা ছবি প্ৰস্তুত কৰি বিভিন্ন ৱেবচাইটত আপল'ড কৰাৰ অভিযোগ আছিল অধ্যাপক গৰাকীৰ বিৰুদ্ধে ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° হৰিশ চন্দ্ৰ মহন্তৰ এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তেওঁক । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নীতি অনুসৰি গ্ৰেপ্তাৰৰ ৪৮ ঘণ্টা সম্পূৰ্ণ হৈ যোৱাৰ পাছত সোমবাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৰ্খাস্ত কৰিলে অধ্যাপক জনক । উল্লেখযোগ্য যে, ধ্ৰুৱজিত চৌধুৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ ঘৃণনীয় কাৰ্যত ব্যৱহৃত এটা ভিডিঅ' কেমেৰা, এটা লেপটপ আৰু দুটা মবাইল ফোন জব্দ কৰিছিল ।