ডিব্ৰুগড়, 19 নৱেম্বৰঃ ডেজেল মিছ ইণ্ডিয়া ৱৰ্ল্ড 2019 প্ৰতিযোগিতাৰ ৰানাৰ্চ আ কংকনা বৰুৱা ডিব্ৰুগড়ৰ স্ব-গৃহত উপস্থিত হৈছে ৷ যোৱা 9 নৱেম্বৰত ৰাজস্থানৰ পুষ্কৰত অনুষ্ঠিত ডেজেল মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ চূড়ান্ত প্ৰতিযোগিতাত তনয়াই দ্বিতীয় ৰানাৰ্চ আপ লাভ কৰিবলৈ সক্ষম হয় ৷ কংকনাৰ এই খিতাপে ডিব্ৰুগড়ৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ গৃহভূমিত উপস্থিত হৈ কংকনাই এটা এন.জি.অ'ৰ সৈতে জড়িত হৈ বিনামূলীয়াকৈ দুৰাৰোগ্য কৰ্কট ৰোগৰ বাবে চিকিৎসা প্ৰদানৰ এক অভিযানত অচিৰেই নামি পৰিব বুলি প্ৰকাশ কৰে ৷
ইতিমধ্যে দক্ষিণ ভাৰতৰ বোলছবিত অভিনয়ৰ প্ৰস্তাৱো লাভ কৰা কংকনাৰ পিতৃ আকাশবাণী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত গাণনিক বিষয়া প্ৰণৱ বৰুৱা আৰু মাতৃ গৃহিণী মৃদুলা বৰুৱা স্বাভাৱিকতেই সুখী হৈ পৰিছে নিজ কন্যাৰ এই সাফল্যত ।
আৰু পঢ়কঃ সংকট নিৰাময়ৰ বাবে ভাৰতে জল সংৰক্ষণৰ সংস্কৃতি গঢ়ি তোলক