ডিব্ৰুগড়, 16 জুন : মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে দিল্লীৰ ‘কা’ প্ৰতিবাদত সংক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী দেৱাংগনা কলিতাৰ লগতে তেওঁৰ আন দুগৰাকী সহযোগী ক্ৰমে নতাশা নৰৱাল আৰু আছিফ ইকবাল তনাহক ৷ নিজ কন্যাৰ জামিনৰ বাতৰি পাই অসমবাসীক সকলো সময়তে দেবাংগনাৰ হকে মাত মাতি অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে মাতৃ কল্পনা ডেকা কলিতাই ৷ তেওঁ কয়, ‘আমাৰ কাৰণে ই এটি আনন্দৰ কথা । লগতে দিল্লী উচ্চ ন্যায়ালয়ে যিটো ৰায় দিলে ন্যায়ৰ সপক্ষে, সেয়া সঁচা অৰ্থত ক'বলৈ গলে অসম তথা ভাৰতীয় নাগৰিকৰ বাবে গণতন্ত্ৰৰ জয় । সেইকাৰণে আমি বেছি আনন্দিত’ ৷
দেবাংগনাক 2020 চনৰ 23 মে’ তাৰিখে দিল্লী সংঘৰ্ষৰ সময়ত দিল্লী আৰক্ষীয়ে গোচৰ নং 48/2020ৰ অধীনত আটক কৰা হৈছিল ৷ ইয়াৰ পিছতে দেবাংগনাই জামিন লাভ কৰে যদিও পৰৱৰ্তী সময়ত গোচৰ নং 50/2020 আৰু 250/2019ৰ আধীনত গ্ৰেপ্তাৰ কৰা হয় ৷ অৱশেষত 5 জুনৰ দিনাখন ‘অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন’ (UAPA)ৰ অধীনত আটক কৰি তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ৷
এই দীৰ্ঘ সময়ছোৱাত তেওঁলোকে ভাৰতৰ আইন ব্যৱস্থাৰ ওপৰত বিশ্বাসী আছিল যদিও এক দীঘলীয়া সময়ৰ বাবে নিজ কন্যাক কাৰাগাৰৰ চাৰিবেৰৰ মাজত দেখিব বুলি মানসিকভাৱেও প্ৰস্তুত আছিল বুলি জনায় দেবাংগনাৰ মাতৃ কল্পনা কলিতাই ৷ লগতে এই যুদ্ধৰ বাবে দেবাংগনাকো সাজু কৰা বুলিও কয় ৷
15 জুন মঙলবাৰে সুদীৰ্ঘ প্ৰতিক্ষাৰ অন্তত দিল্লী উচ্চ ন্যায়ালয়ে দেবাংগানৰ লগতে নতাশা নৰৱাল আৰু আছিফ ইকবাল তনাহক জামিন প্ৰদান কৰে ৷ এই ন্যায়িক যুদ্ধখনত আৰম্ভণিৰে পৰা তেওঁলোকৰ হৈ যুঁজ দি অহা অধিবক্তাৰ দলৰ লগতে অসমবাসীকো ধন্যবাদ জ্ঞাপন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা দেংগনা কলিতাৰ মাতৃ ড৹ কল্পনা ডেকা কলিতাই ৷
উল্লেখ্য যে, 2019 বৰ্ষৰ 11 ডিচেম্বৰত সংসদৰ মজিয়াত ‘নাগৰিকত্ব সংশোধনী আইন’ (CAA)খন বলৱৎ কৰা হয় ৷ ইয়াৰ পিছতে অসমৰ লগতে ৰাজাধানী দিল্লীতো ‘কা’ বিৰোধী প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছিল ৷ অসমত ‘কা’ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে কৃষক নেতা অখিল গগৈৰ লগতে কেইবাগৰাকীয়ো প্ৰতিবাদকাৰীক আটক কৰা হৈছিল ৷
সমান্তৰলাকৈ ৰাজধানীতো দিল্লী বিশ্ববিদ্যালয় তথা জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ তিনি ছাত্ৰ ক্ৰমে দেবাংগনা, নতাশা, আৰু আৰু আছিফক গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত দেশদ্ৰোহীতা, হত্যাৰ চেষ্টা, সশস্ত্ৰ বাহিনীৰে সংযোগ আদি কেইবাটাও গুৰুতৰ অভিযোগ জাপি দিয়া হৈছিল আটকাধীন আটাইকেইগৰাকী প্ৰতিবাদকাৰীৰ ওপৰত ৷ অৱশেষত সুদীৰ্ঘ প্ৰতিক্ষাৰ অন্তত মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে তেওঁলোকক জামিন প্ৰদান কৰে ৷