ETV Bharat / state

Destruction of trees: পথ সম্প্ৰসাৰণৰ নামত ২৫৫৩ জোপা গছ কটাৰ পৰিকল্পনা চৰকাৰৰ

author img

By

Published : Jun 6, 2023, 8:48 PM IST

নাহৰকটীয়াত পথ সম্প্ৰসাৰণৰ নামত ধ্বংস কৰা সহস্ৰাধিক মূল্যবান গছ ৷ চৰকাৰী পৃ্ষ্ঠপোষকতাত ২৫৫৩ জোপা গছ কটাৰ যো-জা ৷ নীৰৱ ভূমিকাত প্ৰকৃতি প্ৰেমী দল-সংগঠন (Destruction of trees) ৷

Destruction of trees
পথ সম্প্ৰসাৰণৰ নামত ২৫৫৩ জোপা গছ কটাৰ পৰিকল্পনা চৰকাৰৰ

নাহৰকটীয়া, ৬ জুন: চৰকাৰী টকাৰ শৰাধ পাতি পৰিৱেশ ধ্বংস কৰাৰ এক শেহতীয়া তথ্যই ৰাজ্যজুৰি খলকনিৰ সৃষ্টি কৰিছে । ৰাজ্য চৰকাৰৰ অসম মালা আঁ‌চনিৰ অধীনত মৰাণ-নাহৰকটীয়া পথৰ সম্প্ৰসাৰণৰ নামত চৰকাৰে মুঠ ২৫৫৩ জোপা গছ কাটি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই সিদ্ধান্ত অনুসৰিয়েই ধ্বংস কৰা হৈছে শাৰী শাৰীকৈ থকা ইজোপাৰ পিচত সিজোপা বৃহৎ আকাৰৰ গছ (Destruction of trees at Naharkatia) ।

তথ্য অনুসৰি অসম মালা আঁ‌চনিৰ অধীনত মৰাণৰ পৰা দিচাং কিনাৰ বঙালী গাঁৱলৈকে মুঠ ৪৫৯ কোটি ৭৯ লাখ টকা ব্যয় সাপেক্ষে পথ সম্প্ৰসাৰণ তথা নিৰ্মাণ হ'বলগীয়া পথটোৰ কাম বৰ্তমান চলি আছে । যাৰ বাবে পথৰ দুয়োপাৰে কাটি পেলোৱা হ'ব মুঠ ২৫৫৩ জোপাকৈ বিভিন্ন থলুৱা প্ৰজাতিৰ গছ (Road expansion at Naharkatia) ।

নিয়ম অনুসৰি এনে কোনো আঁ‌চনি ৰূপায়ণৰ ক্ষেত্ৰত পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বাবে এক পাৰিপাৰ্শ্বিক মূল্যাংকন কৰিব লাগে । সেই মূল্যাংকনৰ বাবে ৰাজহুৱা শুনানি গ্ৰহণৰ প্ৰয়োজন আছে যদিও এই ক্ষেত্ৰত ৰাজহুৱা শুনানি গ্ৰহণ কৰা হৈছিল নে নাই তাৰো কোনো স্পষ্ট তথ্য পোৱা নাযায় ! এই আঁ‌চনিৰ বাবে কৰা পৰিৱেশ প্ৰভাৱ মূল্যাংকনত উল্লেখ থকা অনুসৰি এই পথটোৰ বাবে মুঠ ২৫৫৩ জোপা গছ কটা যাব । কিন্তু সেই একেখন মূল্যাংকনতে উল্লেখ থকা Letter No. B/GC/ 87/ R.S.T.- A30: A/ Genl/2020/5785 dated 13/12/2020 অনুসৰি ১৬৫৬.৩২ জোপা গছ কটাৰ নামত ব্যয় হ'ব ১,৮৯,৪৭,৩৯৭ টকা ।

মুঠ ৪৬.৬ কিলোমিটাৰ পথৰ সম্প্ৰসাৰণ আৰু নিৰ্মাণৰ নামত ইতিমধ্যেই সহস্ৰাধিক গছ কাটি পেলোৱা হৈছে । নিতৌ বন বিভাগৰ তত্ত্বাৱধানত যন্ত্ৰচালিত কৰতেৰে কটা গৈছে শাৰীকৈ শাৰীকৈ থকা ইজোপাৰ পিচত সিজোপাকৈ গছ । পৰিৱেশ সংৰক্ষণক লৈ সততে সৰব হৈ থকা ব্যক্তিবিশেষ তথা সংগঠন বিলাকেও চৰকাৰৰ এই টোগলকী কাণ্ড দেখিও ৰহস্যজনকভাৱে নিমাত হৈ থকা পৰিলক্ষিত হৈছে (Valuable tree destroy at Naharkatia) ।

লগতে পঢ়ক: World environment day: মৰাণত ব্য়তিক্ৰমী ৰূপত বিশ্ব পৰিৱেশ দিৱস পালন

উল্লেখ্য যে, ২০১৫ চনৰ ৭ জুলাইত এই পথটোৰ দুয়োকাষত তেতিয়াৰ জিলা উপায়ুক্ত মণি ভান্নানে পৰিৱেশ সুৰক্ষাৰ নামত ৬১ লাখ টকা ব্যয় সাপেক্ষে ২২ মিনিটত ২২ হাজাৰ ৪৮ টা গছপুলি ৰোপণ কৰি লিমকা বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছিল । MGNREGA আঁ‌চনিৰ অধীনত বৃক্ষৰোপণ আৰু দুবছৰৰ বাবে গছপুলিৰ যত্ন লোৱাৰ বাবদ সেইসময়ৰ উপায়ুক্ত গৰাকীয়ে ৬১ লাখ টকা চৰকাৰী ধন ব্যয় কৰি লিমকা বুকত নাম খোদিত কৰিলে যদিও পিচৰ পৰ্যায়ত সেই গছপুলি সমূহ ডাঙৰ গছলৈ ৰূপান্তৰিত হ'লনে ন'হল তাৰ কোনো তথ্য পোৱা নাযায় ।

বৰ্তমান বিজ্ঞানৰ যুগত গছসমূহ শিপাৰ সৈতে উভালি অন্য ঠাইত সংস্থাপন কৰাৰ ব্যৱস্থা আছে । কিন্তু এই সমূহ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণ কি সেয়া ৰহস্যৰ আৱৰ্তত ৷ বহুতেই ক’ব খোজে যে, গছসমূহ কটাৰ নামত আৰু পুনৰ গছপুলি ৰোপণৰ নামত কোটি কোটি টকা অনুমোদন হয় । যদিওবা সেই টকাৰে গছপুলি ৰোপণ কৰা হয়, কিন্তু সঁ‌চা অৰ্থত সিমান পৰিমাণৰ গছপুলি ৰোপণ কৰা হ'ল নে ন'হল সেই সমূহ লক্ষ্য কৰাৰ কাৰো আহৰি নাথাকে । কেৱল চৰকাৰী ধন আৱন্টনৰ বাবেই এইদৰে গছসমূহ কটা বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে ৷

প্ৰণিধানযোগ্য যে, জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণেই হৈছে গছ-গছনি কাটি তহিলং কৰা । এই গছসমূহ কটা আৰু ৰোপণৰ নামত যিমান টকা ব্যয় হ'ব তাতোকৈ কম পৰিমাণৰ টকা ব্যয় কৰি বৈজ্ঞানিক পদ্ধতিৰে গছসমূহ শিপাৰে সৈতে উভালি নি অন্য ঠাইত সংৰোপণ কৰাৰ ব্যৱস্থা থকা কৰিব পাৰি ৷ কিন্তু সেই পদ্ধতি ব্যৱহাৰ নকৰি বহু কোটি চৰকাৰী ধন ব্যয় কৰি গছ সমূহ কাটি তহিলং কৰাৰ পক্ষতহে চৰকাৰ তথা বিভাগ সমূহে কিয় আগ্ৰহ প্ৰকাশ কৰিছে সেয়া এক ৰহস্যৰ বিষয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.