ETV Bharat / state

খোৱাপানীৰ সন্ধানত কাৰ ঘৰত উপস্থিত ডিব্ৰুগড়ৰ উপায়ুক্ত

author img

By

Published : Aug 8, 2021, 9:28 AM IST

শনিবাৰে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই জলজীৱন অভিযানৰ অধীনত মৰাণ সমষ্টিৰ লেজাই গাঁও পঞ্চায়তৰ লেজাই মিৰি গাঁৱত চলি থকা পাইপ যোগে পানী যোগান আচঁনি (PWSS) ৰ অন্তৰ্গত কাৰ্যকৰী পাৰিবাৰিক টেপ সংযোগ আচঁনি (FHTC) পৰিদৰ্শন কৰে ৷

ডিব্ৰুগড়ৰ লেজাইত বহু ব্যক্তিৰ ঘৰত নিজেই টেপ খুলি পানী খালে উপায়ুক্তই

মৰাণ, 8 আগষ্ট : দেশজুৰি কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে জলজীৱন অভিযান । ডিব্ৰুগড় জিলাটো জলজীৱন অভিযানৰ কাম পূৰ্ণ গতিত চলিছে । ডিব্ৰুগড় জিলাৰ বহু ৰাইজে ইতিমধ্যে এই আঁচনিৰ সুবিধা লাভ কৰিছে ।

শনিবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই জলজীৱন অভিযানৰ অধীনত মৰাণ সমষ্টিৰ লেজাই গাঁও পঞ্চায়তৰ লেজাই মিৰি গাঁৱত চলি থকা পাইপযোগে পানী যোগান আচঁনি (PWSS) ৰ অন্তৰ্গত কাৰ্যকৰী পাৰিবাৰিক টেপ সংযোগ আচঁনি (FHTC) পৰিদৰ্শন কৰে ৷ ইয়াৰ উপৰিও ইতিমধ্যে এই আচঁনি সম্পূৰ্ণ হৈ উঠা ইকৰাতলী বিনয়গুটীয়া অঞ্চল পৰিদৰ্শন কৰে উপায়ুক্ত গৰাকীয়ে ।

এই আচঁনিৰ হিতাধিকাৰীসকলৰ লগত মতবিনিময় কৰাৰ লগতে পৰিস্কাৰ খোৱাপানীৰ উপকাৰিতা সম্পৰ্কে সজাগ কৰে । ডিব্ৰুগড়ৰ উপায়ুক্ত গৰাকীয়ে বহু কেইগৰাকী লোকৰ ঘৰত নিজেই টেপ খুলি পানী খাই পানীৰ মানদণ্ড পৰীক্ষা কৰে ।

লগতে পঢ়ক: লক্ষ্য বড়ো ভূমি: গৌৰৱৰ নেতৃত্বত সমিতি গঠন কংগ্ৰেছৰ

বহু সময়ত অভিযোগ উত্থাপিত হয় যে জনস্বাস্থ্য কাৰিকৰী বিভাগে যোগান ধৰা পানীত আৰ্চেনিক থকাৰ লগতে দুৰ্গন্ধ থকা বাবে ব্যৱহাৰৰ উপযোগী নহয় । সেয়ে উপায়ুক্ত গৰাকীয়ে নিজেই জলজীৱন অভিযানৰ জড়িয়তে ৰাইজক যোগান ধৰা পানী নিজেই খাই গুণাগুণ পৰীক্ষা কৰে ।

উপায়ুক্ত গৰাকীয়ে এই সকলো নিৰ্মীয়মান আচঁনিৰ ক্ষেত্ৰত পানী উপভোক্তা সমিতি গঠন কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । উপায়ুক্তৰ এই পৰিদৰ্শনৰ সময়ছোৱাত ডিব্ৰুগড়ৰ পশ্চিম ৰাজহচক্ৰৰ চক্ৰ বিষয়া অপূৰ্ব নাথ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলো উপস্থিত থাকে ।

লগতে পঢ়কঃ 'দ্য ক্ৰছ কাৰেন্ট'ৰ বিৰুদ্ধে আক্ৰোশমূলক আচৰণ জনসংযোগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.