ETV Bharat / state

এ এম চি এইচত আই চি ইউ ৱাৰ্ডৰ নিৰ্মাণৰ বুজ ল'লে জিলা উপায়ুক্তই

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই অসম চিকিৎসা মহাবিদ্যালয়ত আই চি ইউ ৱাৰ্ডৰ নিৰ্মাণৰ বুজ ল'লে জিলা উপায়ুক্তই । ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিড কেয়াৰ কেন্দ্ৰৰ লগতে আই চি ইউ ৱাৰ্ডটো নিৰ্মাণৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগ ।

author img

By

Published : May 28, 2021, 4:57 PM IST

dibrugarh DC
AMCHত আই চি ইউ ৱাৰ্ডৰ নিৰ্মাণৰ বুজ ল'লে জিলা উপায়ুক্তই

মৰাণ, ২৮ মে': ৰাজ্যজুৰি বিভীষিকাৰ সৃষ্টি কৰা মহমাৰী কৰ'ণাক প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে অহৰহ চেষ্টা অব্যাহত ৰাখিছে । মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ নিতৌ নতুন নতুন পন্থা হাতত লৈছে চৰকাৰে । ততস্বত্বেও ৰোধ কৰিব পৰা মহমাৰীৰ সংক্ৰমণ ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো মহমাৰীৰ সংক্ৰমণ ৰোধ কৰিব পৰা নাই চৰকাৰ তথা প্ৰশাসনে । জিলাখনৰ শেহতীয়া পৰিস্থিতিৰ বাবে ক'ভিড কেয়াৰ কেন্দ্ৰৰ লগতে আই চি ইউ ৱাৰ্ড নিৰ্মাণৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগ ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম চিকিৎসা মহাবিদ্যালয়ত আই চি উ ৱাৰ্ড নিৰ্মাণৰ নিৰ্দেশ প্ৰদান কৰিছিল । মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনাৰ পাচতে শুকুৰবাৰে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই অসম চিকিৎসা মহাবিদ্যালয়ত আই চি উ ৱাৰ্ডৰ নিৰ্মাণ বুজ লয় ।

উপায়ুক্ত গৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়খনত থকা চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়খনত ক'ভিড সংক্ৰমিত ৰোগী সকলক চিকিৎসা সেৱা প্ৰদানৰ বাবে অক্সিজেন আৰু অন্যান্য সা-সুবিধাযুক্ত আই চি ইউ ৱাৰ্ডটোৰ নিৰ্মাণ তথা ইয়াৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয় ।

উল্লেখযোগ্য যে, আগন্তুক দুই তিনি দিনৰ ভিতৰত এই ৱাৰ্ডটো সম্পূৰ্ণ কাৰ্যক্ষম কৰি তোলাৰ বাবে প্ৰয়াস কৰা হৈছে । শুকুৰবাৰে উপায়ুক্ত গৰাকীৰ সৈতে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ সঞ্জীৱ কাকতি, জিলা উন্নয়ন আয়ুক্ত পার্থ প্ৰতিম বৈৰাগীৰ সৈতে চিকিৎসা মহাবিদ্যালয়খনৰ বহু কেইগৰাকী বিশিষ্ট চিকিৎসক উপস্থিত থাকে ।

লগতে পঢ়ক: গোলাঘাটৰ মূৰফুলনীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.