মৰাণ, 10 জুলাই : ডিব্ৰুগড়স্থিত ড৹ জন বেৰী হোৱাইট চিকিৎসা বিদ্যালয়(Dr John berry white medical school) ৰ ভৱনৰ সংস্কৰণ আৰু পুনৰুদ্ধাৰ প্ৰক্ৰিয়া চলাই থকা হৈছে । শুকুৰবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ড৹ জন বেৰী হোৱাইট চিকিৎসা বিদ্যালয়ৰ ভৱনৰ সংস্কৰণ আৰু পুনৰুদ্ধাৰ প্ৰক্ৰিয়াৰ কৰ্মস্থলী পৰিদৰ্শন কৰে । উপায়ুক্ত গৰাকীক সংগ দিয়ে ইনটেক (Indian National Trust for Art and Cultural Heritage)ও অইল ইণ্ডিয়া লিমিটেডৰ বিষয়ববীয়াসকলে ৷
![Dr John berry white medical school](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8034to8038-deputycommissionerofdibrugarhvisiteddrjohnberrywhitemedicalschool-as10031_09072021215415_0907f_1625847855_705.jpg)
উপায়ুক্ত গৰাকীয়ে ইনটেক (Indian National Trust for Art and Cultural Heritage) ৰ বিষয়ববীয়াক পৰৱৰ্তী ৪ মাহৰ ভিতৰত এই প্ৰকল্পৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । ঐতিহ্যমণ্ডিত ভৱনটোৰ সংস্কৰণৰ কামসমূহ অইল ইণ্ডিয়া লিমিটেড(Oil India Limited)ৰ অন্তৰ্গত সামাজিক দায়বদ্ধতা (CSR) আঁচনিৰ অধীনত কৰা হৈছে ৷ এই প্ৰকল্পটো কাম সম্পূৰ্ণ হৈ উঠাৰ লগে লগেই ড৹ জন বেৰী হোৱাইট চিকিৎসা বিদ্যালয়ৰ ভৱনটো চিকিৎসা সংগ্ৰহালয়লৈ পৰিৱৰ্তন কৰা হ’ব ।
![Dr John berry white medical school](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8034to8038-deputycommissionerofdibrugarhvisiteddrjohnberrywhitemedicalschool-as10031_09072021215415_0907f_1625847855_249.jpg)
ড৹ জন বেৰী হোৱাইট চিকিৎসা বিদ্যালয়খন উত্তৰণ ঘটাই ১৯৪৭ চনত অসম চিকিৎসা মহাবিদ্যালয়লৈ ৰূপান্তৰিত কৰা হয় ।
![Dr John berry white medical school](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8034to8038-deputycommissionerofdibrugarhvisiteddrjohnberrywhitemedicalschool-as10031_09072021215415_0907f_1625847855_1094.jpg)
লগতে পঢ়ক: কাৰ পক্ষত থাকিব অখিল গগৈ; বীৰ লাচিত সেনা নে আমছু !