ETV Bharat / state

ডিব্ৰুগড়ৰ ডন বস্কো স্কুলত স্থাপিত ক'ভিড কেয়াৰ কেন্দ্ৰত জিলা উপায়ুক্তৰ

ডিব্ৰুগড়স্থিত ডন বস্কো স্কুলত স্থাপন কৰা ক'ভিড কেয়াৰ কেন্দ্ৰটো পৰিদৰ্শন কৰিলে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

author img

By

Published : May 27, 2021, 6:58 PM IST

dibrugarh don bosco
ডিব্ৰুগড়ৰ ডন বস্কো বিদ্যালয়ৰ ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন জিলা উপায়ুক্তৰ

মৰাণ,২৭ মে': ডিব্ৰুগড়ত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা । ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বৃদ্ধি কৰা হৈছে ক'ভিড কেয়াৰ কেন্দ্ৰ ৷ প্ৰতিটো ক'ভিড কেয়াৰ কেন্দ্ৰত ৰোগীৰ স্বাস্থ্য সেৱাৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থাপনা তদাৰক কৰিছে জিলা উপায়ুক্তই । বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ডিব্ৰুগড়স্থিত ডন বস্কো স্কুলত স্থাপন কৰা ক'ভিড কেয়াৰ কেন্দ্ৰটো পৰিদৰ্শন কৰে ।

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত ক'ভিড সংক্ৰমিত ব্যক্তিক চিকিৎসা সেৱা প্ৰদানৰ বাবে ডিব্ৰুগড়স্থিত ডন বস্কো বিদ্যালয়ত স্থাপন কৰা হৈথে এই ক'ভিড কেয়াৰ কেন্দ্ৰটো । পৰিদৰ্শনকালত উপায়ুক্তগৰাকীয়ে উক্ত কেন্দ্ৰটোত চিকিৎসা সেৱা আগবঢ়াই থকা চিকিৎসকসকলৰ সৈতেও কৰিলে মত-বিনিময় । লগতে ৰোগীসকলক প্ৰদান কৰি অহা যাৱতীয় চিকিৎসা সেৱাৰ উপৰিও কেন্দ্ৰটোৰ অন্যান্য দিশসমূহৰ বিষয়েও ললে খতিয়ান ।

লগতে পঢ়ক: কাছাৰত ক'লা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.