টিংখাং, 29 মাৰ্চ : ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে অঘটন ৷ চৰাইদেউৰ জিলাৰ সাপেখাতী আৰক্ষী থানৰ অন্তৰ্গত আটালবৰুৱাত দিচাং নৈত কিশোৰৰ মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো সোণালীপুৰ লক্ষীপথাৰৰ বাবুল গগৈৰ কনিষ্ঠ পুত্ৰ তথা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ অখিল গগৈৰ (9) বুলি চিনাক্ত কৰা হৈছে ৷

দেওবাৰে পুৱাতেই সমনীয়াৰ সৈতে ওলাই যোৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰটি ৷ পশ্চিম আটালবৰুৱাত আজি উদ্ধাৰ হয় মৃতদেহটো ৷ আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাৱে প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক : মাতৃৰ অসুস্থতা: কাৰ্যসূচী সামৰি ডিব্ৰুগড়লৈ লুৰিণ