ডিব্ৰুগড়, 31 মে’: ডিব্ৰুগড় জিলাৰ ৰমাই চাহ বাগিছাত সোমবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ক’ভিডত আক্ৰান্ত হৈ চিকিৎসালয়ত মৃত্যু হোৱা ভীম ভূঞা নামৰ এজন শ্ৰমিকৰ মৃতদেহ পথৰ কাষত উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ ৷
জানিব পৰা মতে, যোৱা ২৮ মে'ত ৰমাইৰ ভীম ভূঞা নামৰ লোক জনৰ দেহত ক'ভিড পজিটিভ ধৰা পৰাত ডনবস্ক’ স্কুলৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰা হৈছিল । কিন্তু লোকজনৰ শাৰীৰিক অৱস্থা অতি শোচনীয় হোৱাত ডনবস্ক’ স্কুলৰ ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা ১০৮ এম্বুলেঞ্চৰ জৰিয়তে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল ।
কিন্তু ক’ভিডত আক্ৰান্ত হৈ থকা ৰোগীজনৰ মৃতদেহ ৰহস্যজনক ভাৱে সোমবাৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ ৰাধা কৃষ্ণ মন্দিৰ সমীপৰ ফুটপাতত উদ্ধাৰ হয় । ইয়াৰ পাছতেই অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷
এই ঘটনাৰ পাছত ৰমাই চাহ বাগিচাৰ শ্ৰমিক সকলে চৰকাৰ তথা স্বাস্থ্য বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । যাৰ ফলত অঞ্চলটোত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়ন কৰা হয় ৷
লগতে পঢ়ক: জাগীৰোড ৰে’ল ষ্টেচনত ক’ভিড টেষ্ট সম্পন্ন