ETV Bharat / state

উপায়ুক্তৰ সভাপতিত্বত ডিব্ৰুগড়ত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ সভা - arunodaya scheme

অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ বাবে শুকুৰবাৰে, ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সভা ৷

হিতাধিকাৰী নিৰ্বাচনৰ সভা
হিতাধিকাৰী নিৰ্বাচনৰ সভা
author img

By

Published : Aug 21, 2020, 10:34 PM IST

ডিব্ৰুগড়, 21 আগষ্ট: শুকুৰবাৰে ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ত অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়াত খণ্ড উন্নয়ন বিষয়াসকলৰ ভূমিকা সন্দৰ্ভত আলোচনাৰ বাবে এখন সভা অনুষ্ঠিত হয় ৷ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন ৷ সভাখনত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত সঞ্জয় দত্ত, অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে ৰঞ্জিত কোঁৱৰ, নন্দিতা বৰুৱাৰ লগতে কেইবাগৰাকীও বিষয়া ৷

ডিব্ৰুগড়ৰ উপায়ুক্তৰ সভাপতিত্বত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ সভা
উপায়ুক্তৰ সভাপতিত্বত ডিব্ৰুগড়ত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ সভা

এই আঁচনিৰ সুবিধা লাভৰ বাবে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব, বৰ্তমান অসমত বাস কৰা হ’ব লাগিব, পৰিয়ালৰ মুঠ বাৰ্ষিক আয় দুই লাখতকৈ কম হ’ব লাগিব আৰু আবেদনকাৰীৰ এটা বেংক একাউণ্ট থাকিব লাগিব৷ লগতে এই আঁচনিৰ সুবিধা প্ৰদানৰ সময়ত চৰকাৰে স্বামীহীনা, বিবাহ বিচ্ছেদিত, অবিবাহিত, পৰিয়ালৰ পৰা বিচ্ছেদিত মহিলা থকা পৰিয়াল বা দিব্যাংগ সদস্য থকা পৰিয়ালক অগ্ৰাধিকাৰ প্ৰদান কৰিব ৷

লগতে পঢ়ক: তেজপুৰত অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.