ETV Bharat / state

নৃত্যৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ বিষ্ণুক প্ৰয়োজন এধানি সহায়ৰ - ইটিভি ভাৰত টিংখাং

জটিল স্নায়ু ৰোগত আক্ৰান্ত বিষ্ণুৱে আকস্মিকভাৱে হেৰুৱাই পেলায় দুভৰিৰ শক্তি ৷ বিগত প্ৰায় এবছৰে শয্যাশায়ী হৈ ৰৈছে প্ৰতিভাৱান যুৱ শিল্পী গৰাকী ৷ মুম্বাইত বিশেষভাৱে নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহি বিগত প্ৰায় ১৫ টা বছৰে ৰাজ্যত নৃত্য শিল্পৰ সৈতে জড়িত হৈ থকা বিষ্ণু আজি অৱশ-ক্লান্ত ৷

dance teacher need help for medical treatment tingkhong dibrugarh assam etv bharat news
ৰাইজৰ সহায়ৰ প্ৰয়োজন এগৰাকী নৃত্য শিল্পীক
author img

By

Published : Aug 2, 2020, 10:04 AM IST

টিংখাং,2 আগষ্ট: এসময়ত ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ এক পৰিচিত নাম আছিল বিষ্ণু ছেত্ৰী ৷ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ বাইলুংভেটি গাঁৱৰ বাসিন্দা এইগৰাকী ব্যক্তিয়ে পোনপ্ৰথমে ভৰি থৈছিল নৃত্য জগতত ৷ নৃত্যৰে জগত জিনাৰ সপোন দেখা যুৱকগৰাকীৰ জীৱনলৈ নামি আহে অমানিশা ৷ এক জটিল স্নায়ু ৰোগত আক্ৰান্ত বিষ্ণুৱে আকস্মিকভাৱে হেৰুৱাই পেলায় দুভৰিৰ শক্তি ৷ বিগত প্ৰায় এবছৰে শয্যাশায়ী হৈ ৰৈছে প্ৰতিভাৱান যুৱ শিল্পী গৰাকী ৷ মুম্বাইত বিশেষভাৱে নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহি বিগত প্ৰায় ১৫ টা বছৰে ৰাজ্যত নৃত্য শিল্পৰ সৈতে জড়িত হৈ থকা বিষ্ণু আজি অৱশ-ক্লান্ত ৷

বিগত সময়ছোৱাত টিংখাং অঞ্চলত আধুনিক নৃত্য প্ৰশিক্ষক হিচাপে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা যুৱকগৰাকীয়ে নিজাববীয়া প্ৰচেষ্টাত গঢ়ি তুলিছিল জোনাক কলা কেন্দ্ৰ নামৰ নৃত্যৰ এক অনুষ্ঠান ৷ উক্ত অনুষ্ঠানৰ জৰিয়তে প্ৰায় চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীক নৃত্য প্ৰশিক্ষণ প্ৰদানৰ লগতে স্থানীয় কেইবাখনো বিদ্যালয়ৰ নৃত্য শিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল ৷ তদুপৰি কেইবাটাও জনপ্ৰিয় ভিচিডি গীতৰ কৰিঅ’গ্ৰাফাৰ হিচাপে কাম কৰা বিষ্ণুৱে ৰাজ্যৰ উপৰিও বহিঃৰাজ্যতো নৃত্যৰ অনুষ্ঠান প্ৰদৰ্শন কৰিছিল ৷

ৰাইজৰ সহায়ৰ প্ৰয়োজন এগৰাকী নৃত্য শিল্পীক

সম্প্ৰতি বিষ্ণুৱে নৃত্যৰ প্ৰশিক্ষণ দিব নোৱাৰাত পৰিয়ালৰ একমাত্ৰ উপাৰ্জনৰ পথটো বন্ধ হৈ পৰিছে ৷ ফলত যথেষ্ট আৰ্থিক অনাটনৰ সন্মুখীন হৈছে পৰিয়ালটো ৷ তদুপৰি বৰ্তমান ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা গ্ৰহণ কৰি থকা বিষ্ণুক প্ৰয়োজন যথেষ্ঠ পৰিমাণৰ অৰ্থৰ ৷ সেয়ে যুৱ শিল্পীগৰাকীয়ে এইক্ষেত্ৰত সহায় আহ্বান কৰিছে সদাশয় ৰাইজৰ ৷ তাৰবাবে শিল্পীগৰাকীয়ে প্ৰকাশ কৰিছে এক বেংক একাউণ্ট নম্বৰ ৷ ভাৰতীয় ষ্টেট বেংকৰ একাউণ্ট নম্বৰটো হৈছে-31767286157 , IFSC- SBIN0007327 ৷ নাইবা শিল্পীগৰাকীক 88129-75687 নম্বৰত শিল্পীগৰাকীক যোগাযোগ কৰিব পাৰে ৷

লগতে চাওকঃ কলিকতাত জব্দ বৃহৎ পৰিমাণৰ চেনিটাইজাৰ: ধৃত দুই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.