ETV Bharat / state

DAC election 2022 : টিংখাঙত নিৰ্বাচনী প্ৰচাৰ ভৱেশ কলিতাৰ - টিংখাঙত নিৰ্বাচনী প্ৰচাৰ ভৱেশ কলিতাৰ

দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে (Deuri Autonomus Council election 2022)। মঙলবাৰে নিশা ডিব্ৰুগড়ৰ টিংখাঙত ৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁ‌টৰ প্ৰাৰ্থী ভাস্কৰ দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । প্ৰচাৰ সভাত মন্ত্ৰী বিমল বড়াকে ধৰি কেইবাজনো বিধায়ক উপস্থিত ।

DAC election 2022
টিংখাঙত নিৰ্বাচনী প্ৰচাৰ ভৱেশ কলিতাৰ
author img

By

Published : Nov 2, 2022, 11:01 AM IST

মৰাণ,২ অক্টোবৰ : অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (Deuri Autonomus Council election 2022)। নিৰ্বাচনৰ লগত সংগতি ৰাখি পৰিষদৰ প্ৰতিটো সমষ্টিতে দেখা গৈছে ব্যাপক প্ৰস্তুতি । প্ৰতিটো দলে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ।

শাসকীয় বিজেপি মিত্ৰজোঁটেও ইতিমধ্যে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ব্যাপক ৰণনীতি প্ৰস্তুত কৰিছে । প্ৰতিগৰাকী প্ৰাৰ্থীৰ হৈ বিজেপিৰ ৰাজ্যিক নেতা তথা মন্ত্ৰী-বিধায়কসকলে প্ৰচাৰ চলোৱা দেখা গৈছে । ডিব্ৰুগড় জিলাতো প্ৰতিটো পৰিষদীয় সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ।

ইয়াৰ মাজতে ৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁ‌টৰ প্ৰাৰ্থী ভাস্কৰ দেউৰীৰ হৈ টিংখাঙৰ কলৌলোৱাত নিৰ্বাচনী প্ৰচাৰ চলালে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita participate DAC election campaign)। কলৌলোৱা দেউৰী গাঁ‌ও ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত ভৱেশ কলিতাৰ লগতে মন্ত্ৰী বিমল বড়া আৰু কেইবাগৰাকী বিধায়কে অংশগ্ৰহণ কৰে । ইফালে বিজেপি নেতাসকলক স্থানীয় পুৰুষ-মহিলাই গীত-নৃত্যৰ দ্বাৰা বিশাল আদৰণি জনোৱা দেখা গৈছে ।

টিংখাঙত নিৰ্বাচনী প্ৰচাৰ ভৱেশ কলিতাৰ

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভৱেশ কলিতাই কয় যে এইবাৰ দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ২২ খন আসনেই বিজেপি মিত্ৰজোঁ‌টৰ দলে লাভ কৰিবলৈ সক্ষম হ'ব । নিৰ্বাচনী সভাত টিংখাঙৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বড়াই ভাষণত বিতৰ্কিত মন্তব্য কৰা দেখা যায় (Bimal Bora reaction on DAC election)। বিধায়কগৰাকীয়ে কোৱা মতে এই নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক যদি ৰাইজে জয়ী নকৰাই, তেন্তে চৰকাৰে সেই ৰাইজক সহায় নকৰে ।

দেউৰী সমাজৰ গামোচাখনক প্ৰশংসা কৰি মন্ত্ৰী বড়াই কয় যে দেউৰীৰ এই গামোচাখনত সৰলতা নিহিত হৈ আছে । এই গামোচাখনেই দেউৰী সমাজৰ সুন্দৰ মনটোক পৰিস্ফুট কৰে বুলি কৈ এক প্ৰকাৰৰ ভোটাৰ ৰাইজক আকৰ্ষণৰ চেষ্টা কৰে মন্ত্ৰীগৰাকীয়ে । নিৰ্বাচনী সভাত লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, বিজেপি ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জগদীশ ৰাজখোৱা, ডিব্ৰুগড় জিলা অ'বিচি উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ প্ৰশান্ত গগৈকে ধৰি বিজেপি দলৰ বহু নেতা, কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক :Kangana Ranaut at Kaziranga: কটকটীয়া নিৰাপত্তাৰ মাজেৰে কাজিৰঙাত উপস্থিত কংগণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.