ETV Bharat / state

টিংখাঙত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অধিৱেশন উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা - সাংস্কৃতিক শোভাযাত্ৰা

টিংখাঙত অনুষ্ঠিত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন ৷ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত জিলিকিল অসমৰ জাতি-জনগোষ্ঠীয় নৃত্য । শোভাযাত্ৰাত অংশগ্ৰহণ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ ৷

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অধিৱেশন উপলক্ষে অনুষ্ঠিত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা
author img

By

Published : Nov 8, 2019, 7:14 PM IST

Updated : Nov 8, 2019, 11:57 PM IST

টিংখাঙ, 8 নৱেম্বৰঃ টিংখাঙত দুদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হৈছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ঊনবিংশতিতম অধিৱেশন ৷ ছাত্ৰ সংগঠনটোৰ অধিৱেশনৰ পৰিপ্ৰেক্ষিতত অধিৱেশনস্থলী অৰ্থাৎ টিংখাঙৰ নন্দেশ্বৰ গগৈ সোঁৱৰণী ক্ষেত্ৰত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে । অধিৱেশনৰ দ্বিতীয় দিনা শুকুৰবাৰৰ মুখ্য আকৰ্ষণ আছিল বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । বিভিন্ন জাতি জনগোষ্ঠীৰ আকৰ্ষণীয় নৃত্য গীতৰ প্ৰদৰ্শনেৰে মুখৰিত হৈ উঠে সমগ্ৰ পৰিৱেশ । দুই কিলোমিটাৰযোৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰাত জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দল সমূহে অংশগ্ৰহণ কৰে ।

গায়ন বায়নৰ পৰা আৰম্ভ কৰি বিহু, ঝুমুৰ, বড়ো, মিচিং, নেপালী, সোণোৱাল কছাৰী, অসমীয়া বঙালী সমাজকে আদি কৰি বিভিন্ন সাংস্কৃতিক দলসমূহে প্ৰদৰ্শন কৰা নৃত্য-গীতে টিংখাংবাসীক মন্ত্ৰমুগ্ধ কৰি তোলে । টিংখাঙৰ ৰাজগড় সমীপৰ শ্ৰীবাঙ্গোৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণৰ পৰা ৰাজগড় সোণাৰী পথেৰে ৰাজগড় শ্ৰী শ্ৰী যুৰীয়া আই থানৰ সমীপলৈকে প্ৰায় ৫ কিলোমিটাৰ পথ খোজ কাঢ়ি এই বিশাল সমদল বাহিৰ কৰা হয় ।

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অধিৱেশন উপলক্ষে অনুষ্ঠিত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

সমদলত অংশগ্ৰহণ কৰি অভিভূত হৈ পৰে অভিনেত্ৰী অমৃতা গগৈ ৷ অভিনেত্ৰীগৰাকীয়ে সদৌ অসম ছাত্ৰ সন্থাই বিগত সময়ত যুক্তিৰে ৰাজ্যখনৰ হিতৰ উদ্দেশ্যে নিৰৱচ্ছিন্নভাৱে মাত মাতি যোৱা বুলি উল্লেখ কৰি আছু নেতৃত্বৰ শলাগ লয় ৷

আনহাতে শোভাযাত্ৰাৰ উদ্বোধন কৰি জীৱনৰ শ্ৰেষ্ঠতম সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে বিশিষ্ট সমাজকৰ্মী তথা টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈয়ে ৷

আৰু পঢ়ক তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 150 বছৰীয়া সমাৰোহ

Intro:টিংখাঙত ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ অধিৱেশন । দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত জিলিকিল জাতি জনগোষ্ঠীৰ নৃত্য । অংশগ্ৰহণ কৰিলে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ।

Body:টিংখাং - দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হোৱা ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ ঊনবিংশতিতম অধিৱেশনত উখল মাখল পৰিবেশৰ সৃষ্টি টিংখাঙৰ নন্দেশ্বৰ গগৈ সোৱৰণি ক্ষেত্ৰ । অধিৱেশনৰ আজি দ্বিতীয় দিনৰ মুখ্য আকৰ্ষণ আছিল বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । বিভিন্ন জাতি জনগোষ্ঠীৰ আকৰ্ষণীয় নৃত্য গীতৰ প্ৰদৰ্শনেৰে ৰজনজনাই টিংখাঙৰ আকাশ বতাহ। দুই কিলোমিটাৰ যোৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰা অংশগ্ৰহণ কৰিলে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দল সমূহে। গায়ন বায়নৰ পৰা আৰম্ভ কৰি বিহু, ঝুমুৰ , বড়ো, মিচিং, নেপালী, সোনোৱাল কছাৰীকে আদি কৰি সাংস্কৃতিক দলসমূহে প্ৰদৰ্শন কৰা নৃত্য গীতে মুহিলে টিংখাং বাসীক । টিংখাঙৰ ৰাজগড় সমীপৰ শ্ৰীবাঙ্গোৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণৰ পৰা ৰাজগড় সোনাৰী পথেৰে ৰাজগড় শ্ৰী শ্ৰী যুৰীয়া আই থানৰ সমীপলৈকে প্ৰায় ৫ কিলোমিটাৰ পথ খোজেৰে এই বিশাল সমদল বাহিৰ কৰে । সমদলত অংশগ্ৰহণ কৰি অভিনেত্ৰী অমৃতা গগৈ অভিভূত হৈ পৰে -

Byte - অমৃতা গগৈ।

Conclusion:আনহাতে জীৱনৰ শ্ৰেষ্ঠতম সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰিলে বিশিষ্ট সমাজকৰ্মী তথা টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈয়ে - Byte - অশোক গগৈ ।

দীপক গগৈ, টিংখাং
Last Updated : Nov 8, 2019, 11:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.