নাহৰকটীয়া, 8 ছেপ্টেম্বৰ : শুকুৰবাৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টী (এম)ৰ উদ্যোগত নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত মূল্যবৃদ্ধি ৰোধ কৰা, সুলভ মূল্যত খাদ্য, ঔষধসহ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰা আৰু নিবনুৱা সমস্যা সমাধান, নামৰূপ বিভিএফচিএলৰ চতুৰ্থ গোট স্থাপনৰ দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি চিপিআই(এম) ৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক সুৰেশ ডেকাই ৰাইজক উদ্দেশ্যি কয় যে,খাদ্য সামগ্ৰীসহ জীৱন দায়িনী ঔষধ, পেট্ৰল, ডিজেল, কেৰাচিন, বন্ধন গেছ আদি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লেকামহীন মূল্য বৃদ্ধিয়ে আজি সৰ্বসাধাৰণ আৰু কম উপার্জনক্ষম ৰাইজক জুৰুলা কৰি পেলাইছে ৷
তেওঁ কয় যে, উপযুক্তভাবে অনুসন্ধান কৰিলে প্ৰকৃত ছবিখন দেখা পোৱা যায় যে মূল্যবৃদ্ধিৰ তাড়নাত প্ৰতি দিনে ৰাজ্যত কিমান সংখ্যক মানুহে লঘোণে-ভোকে দিন কটাব লগীয়া হৈছে ৷ ব্যাপক মূল্যবৃদ্ধিৰ এই ঘটনাৰ গুৰিতেই আছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ গৃহীত নীতি ৷ মূল্য নিৰ্ধাৰণৰ সকলো ক্ষমতা চৰকাৰৰ হাতৰ পৰা বৃহৎ ব্যৱসায়ীৰ হাতত তুলি দিয়াৰ পৰিণতিতেই আৰু সকলো সামগ্ৰীতে জি এছ টি প্ৰয়োগৰ দ্বাৰা যে মূল্যবৃদ্ধিৰ এই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ হৈছে সেইয়া স্পষ্ট ৰূপে প্ৰকাশ পাইছে ৷
আনহাতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ গৃহীত নীতিৰ বাবে আজি সমগ্ৰ দেশত ভয়াৱহভাবে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে বুলিও কয় তেওঁ ৷ শাসনত অধিষ্ঠিত হোৱাৰ পিছত চমক সৃষ্টিৰ নামত অপৰিপক্কভাৱে গ্ৰহণ কৰা নোট বন্দী, লকডাউন, লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ গুৰুত্ব লাঘৱ আৰু বিক্ৰীকৰণ, বেংকৰ একত্ৰীকৰণ, বৃহৎ পুঁজিপতিক ঋণ আদায়ৰ পৰিবৰ্তে লক্ষ লক্ষ কোটি টকা ঋণ ৰেহাই আৰু টেক্স (কৰ) মাফৰ বাবেই আজি দেশৰ অৰ্থনীতিত পৰিকল্পিতভাৱে দেওলীয়া হৈছে ৷ পৰিণতিত কল-কাৰখানা, ব্যৱসায়-বাণিজ্য বন্ধ হৈ গৈছে আৰু নিবনুৱা যুৱক-যুৱতীৰ কৰ্ম সংস্থাপনৰ পথ বন্ধ হৈ যাব ধৰিছে ৷
তেওঁ পুনৰ কয় যে, চৰকাৰী পর্যায়তেই আজি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগসমূহ, বেংক, বীমা আদি সকলোতে কোটিৰো অধিক খালী পদসমূহত নিয়োগৰ ব্যৱস্থাৰ সলনি পদ বিলুপ্ত কৰা হৈছে ৷ একে ধৰণে ৰাজ্য চৰকাৰৰ অধীনস্থ বহু বিভাগৰ খালী পদত নিয়োগৰ ইতিমধ্যে বিলুপ্তি ঘটোৱাৰ আশংকা কৰা গৈছে ৷ পৰিণতিত কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খোৱা যুৱক-যুৱতীৰ নিয়োগৰ পথসমূহ বন্ধ হৈ গৈছে ৷ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মার্ক্সবাদী)য়ে চৰকাৰৰ গৃহীত এই নীতিসমূহ সলনি কৰি এক বাস্তব তথা বিজ্ঞান সম্মত নীতি গ্ৰহণ কৰাটো কামনা কৰিছে বুলি তেওঁ কয় ৷ এই দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত মুঠ আঠটা দাবী সম্বলিত এখনি স্মাৰক পত্ৰ নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক : Sanjoy Kishan in Tinsukia: চাহ শ্ৰমিকৰ ওপৰত শোষণ দেখি খং উঠিল শ্ৰমমন্ত্ৰী সঞ্জয় কিষানৰ