ETV Bharat / state

মৰাণত চোৰৰ কৱলৰ পৰা উদ্ধাৰ তিনিজনীকৈ গাই গৰু

মৰাণৰ পানীদিহিং মৌজাৰ পশ্চিম পানীদিহিঙত গৰু চোৰৰ ত্ৰাস ৷ 15 অক্টোবৰত এজান্তি গাঁৱৰ তিনিজনীকৈ গাই গৰু চুৰি কৰিছিল চোৰে ৷ দেওবাৰে স্থানীয় গাঁওৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰে গৰু তিনিজনী ৷

Cow thief in Moran
মৰাণত চোৰৰ কৱলৰ পৰা উদ্ধাৰ তিনিজনীকৈ গাই গৰু
author img

By

Published : Oct 18, 2020, 3:52 PM IST

মৰাণ,18 অক্টোবৰ : মৰাণৰ সমীপৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত পানীদিহিং মৌজাৰ পশ্চিম পানীদিহিঙত গৰু চোৰৰ ত্ৰাসে চিন্তিত কৰি তুলিছে অঞ্চলটোৰ কৃষক ৰাইজক । জানিব পৰা মতে,15 অক্টোবৰত এজান্তি গাঁৱৰ প্ৰকাশ শৰ্মা,কৃষ্ণ শৰ্মা আৰু আনন্দ টাই নামৰ তিনিজন কৃষকৰ ব্ৰহ্মপুত্ৰ দক্ষিণ টিকিৰা চাপৰিত থকা খুঁটিৰ পৰা চোৰে তিনিজনীকৈ গাই গৰু চুৰি কৰি নিয়ে ।

দেওবাৰে দিচাংমুখ বলমা ঘাটত AS-04-BC-3801 নম্বৰৰ বাহনত তুলি থাকোতে স্থানীয় গাঁওৰক্ষী বাহিনীয়ে দিচাংমুখ বলমা যুৱক সংঘ আৰু চিতলীয়া যুৱক সংঘৰ সহযোগত গাই গৰু তিনিজনী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অৱশ্যে ঘটনাস্থলীৰ পৰা পলাই যায় চোৰৰ দলটো ৷

মৰাণত চোৰৰ কৱলৰ পৰা উদ্ধাৰ তিনিজনীকৈ গাই গৰু

আনহাতে গাওঁৰক্ষী বাহিনীয়ে জনোৱা মতে,শামুকজান গাঁৱৰ মেকাৰী মিলি (32),বিপুল মিলি (30) আৰু বালিকুৰ গাঁৱৰ বিশাল মিলি(35) নামৰ তিনিজন যুৱক গৰু চুৰি ঘটনাৰ লগত জড়িত হৈ আছে । ইফালে পৰিয়াল তিনিটাই চুৰি সন্দৰ্ভত নিতাইপুখুৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক : সমুজ্জল ভট্টাচাৰ্যৰ বাবে অগপৰ দুৱাৰ খোলা আছে: সত্যব্ৰত কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.