ডিব্ৰুগড়,১৯ এপ্ৰিল: ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাৰ সংক্ৰমণ । শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক (DUIET) শাখাৰ অধ্যয়ন কেন্দ্ৰৰ এগৰাকী সপ্তম ষান্মাষিকৰ শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি । কৰ’ণা আক্ৰান্ত শিক্ষাৰ্থীগৰাকীয়ে ১৭ এপ্ৰিলত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । বিশ্ববিদ্যালয়খনৰ সকলো শ্ৰেণী ৩০ এপ্ৰিল পৰ্যন্ত বন্ধ ৰখা হৈছে ।
ইফালে, ডিব্ৰুগড়ৰ এখন অগ্ৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষৰ দেহতো কৰ’ণাৰ অৱস্থিতি পোৱা যায় ।
উল্লেখযোগ্য যে, ৰাজ্যৰ ১৫,৬০,০৫৯ গৰাকী লোকক ইতিমধ্য়ে ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে, ১২,৮০,৮২৯ গৰাকী লোকক প্ৰতিষেধকৰ প্ৰথম পালি আৰু ২,৭৯,২৩০ গৰাকীক দ্বিতীয় পালি প্ৰদান কৰা হৈছে ৷
লগতে পঢ়ক: ৮ মে'লৈ বন্ধ বৰপেটাৰ প্ৰাথমিক বিদ্যালয়সমূহ