ETV Bharat / state

মৰাণত প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ বহিছে বজাৰ - বজাৰ

মৰাণৰ ঊষাপুৰত পথৰ দুয়োকাষে বহিছে মাছ-মাংস আৰু শাক-পাচলিৰ বজাৰ । ক’ভিড প্ৰট’কল ভংগ কৰি পুৱাৰ পৰাই বজাৰত ভিৰ কৰিছে গ্ৰাহকসকলে ৷ শংকিত হৈ পৰিছে সচেতন মহল ৷

No covid protocol at Moran market
মৰাণত ক’ভিড প্ৰট’কল ভংগ
author img

By

Published : May 24, 2021, 1:18 PM IST

মৰাণ,24 মে’ : ক’ভিডৰ ভয়াৱহতাৰ বাবে স্বাস্থ্য বিভাগে চহৰ অঞ্চলৰ বজাৰসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে নিৰ্দেশ দিছে যদিও মৰাণৰ বজাৰত পৰিলক্ষিত হৈছে ইয়াৰ ওলোটা প্ৰতিচ্ছবি ৷ চৰাইদেউ ‌জিলাৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাণৰ ঊষাপুৰত পথৰ দুয়োকাষে বহিছে বজাৰ ।

পথৰ দুয়োপাৰে বহা মাছ-মাংস আৰু পাচলি বজাৰত পুৱাৰ পৰাই ভিৰ কৰিছে স্থানীয় ৰাইজে । কিন্তু এই বিষয়ত কোনো গুৰুত্ব আৰোপ কৰা নাই প্ৰশাসনে । মৰাণৰ পৌৰসভাৰ সমীপত তীব্ৰ যানজঁট সৃষ্টি কৰি বহা বজাৰখনক লৈ এতিয়া শংকিত হৈ পৰিছে সচেতন মহল ।

মৰাণত ক’ভিড প্ৰট’কল ভংগ

মৰাণহাট আৰক্ষী প্ৰশাসন আৰু পৌৰসভাৰ দুৰ্বলতাৰ বাবেই পাচলি আৰু মাছ-মাংসৰ বেপাৰীসকলে সকলো ক’ভিডৰ নীতি-নিয়ম ভংগ কৰি বজাৰ বহাবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে । ইফালে বজাৰ গৃহ নিৰ্মাণ কৰি দিয়াৰ পাচতো ব্যৱসায়ীসকলে বজাৰ গৃহ ব্যৱহাৰ নকৰি ব্যস্ততাপূৰ্ণ পথৰ কাষত বজাৰ বহাই তীব্ৰ যানজঁটৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে সচেতন মহলে । ক’ভিড প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত মৰাণ প্ৰশাসনক বজাৰ বন্ধ কৰাৰ দাবী জনাইছে এইসকল সচেতন ৰাইজে ৷

লগতে পঢ়ক : ক’ভিড প্ৰট’কল ভংগ কৰি টীয়কত চলিছে মাছৰ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.