ETV Bharat / state

ডিব্ৰুগড়ত 150 খন বিচনাযুক্ত অস্থায়ী ক'ভিড চেন্টাৰ মুকলি

author img

By

Published : Aug 4, 2020, 11:47 PM IST

ডিব্ৰুগড় জিলাত কৰ'ণা মহামাৰীয়ে এক প্ৰকাৰ গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷ আক্ৰান্ত লোকৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত আসনৰ অভাৱ হোৱাৰ বাবে নতুনকৈ অস্থায়ী ক'ভিড চেন্টাৰ স্থাপন কৰিছে প্ৰশাসনে ৷ মঙলবাৰে উক্ত ক'ভিড চেন্টাৰটো মুকলি কৰে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই ৷ উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী সঞ্জয় কৃষাণ, বিধায়ক ঋতুপৰ্ণ বৰুৱাকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

COVID CENTER OPENING IN ASSAM DIBRUGARH
ডিব্ৰুগড়ত 150 খন বিচনাযুক্ত অস্থায়ী ক'ভিড চেন্টাৰ মুকলি

ডিব্ৰুগড়, 4 আগষ্ট : ৰাজ্য়ত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ লোক সকলো সময়তে তৎপৰ হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই আক্ৰান্ত লোকৰ সংখ্যা ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে ডিব্ৰুগড় জিলাতো কৰ'ণা মহামাৰী এক প্ৰকাৰ গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷

শেহতীয়াকৈ জিলাখনত আক্ৰান্ত লোকৰ সংখ্যা অনুপাতে আসনৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে যাৰবাবে জিলাখনত নতুনকৈ এখন অস্থায়ী ক'ভিড চেন্টাৰ স্থাপন কৰিছে স্বাস্থ্য বিভাগে ৷ মঙলবাৰে জিলাখনত স্বাস্থ্য বিভাগে স্থাপন কৰা ক'ভিড চেন্টাৰ মুকলি কৰে অসম চৰকাৰৰ ৰাজ্য়িক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই ৷ লগতে, জিলাখনত এটা প্লাজমা বেংকো মুকলি কৰে মন্ত্ৰী গৰাকীয়ে ৷

ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী চেন্টাৰটো ৷ ক'ভিড ৰোগীক চিকিৎসা প্ৰদান কৰাৰ বাবে সকলো ধৰণৰ সা-সুবিধাৰ লগতে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে ৷ আনহাতে, 150 খন বিচনাযুক্ত ক'ভিড চেন্টাৰটোৰ সমান্তৰালভাবে আন এটা 150 খন বিচনাযুক্ত অস্থায়ী ক'ভিড চেন্টাৰ নিৰ্মাণ কৰি থকা হৈছে । বিশেষকৈ ক'ভিড পজিটিভ ৰোগী সকলক অসম চিকিৎসা মহাবিদ্যালয়,জকাই চিকিৎসালয়, লেজাই চিকিৎসালয়ত ৰখাৰ লগতে অন্যান্য কেইবাখনো শিক্ষানুষ্ঠান আৰু উন্নয়ন খণ্ড সমূহৰ অধীনত 300 বিচনাযুক্ত অস্থায়ী ক'ভিড চেণ্টাৰ হিচাপে গঢ়ি তোলা হৈছে ৷ উক্ত উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,মন্ত্ৰী সঞ্জয় কৃষান,বিধায়ক ঋতুপৰ্ণ বৰুৱাকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে, সোমবাৰৰ নিশালৈকে ডিব্ৰুগড় জিলাত 2336 গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে ৷ একেদৰে 3 আগষ্টৰ নিশা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি, অসমত সৰ্বমুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা 45275 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 33428 গৰাকী ৷ চিকিৎসাধীন ৰোগীৰ সংখ্যা 11735 গৰাকী আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা 109 গৰাকী ৷

লগতে পঢ়ক : পাথাৰকান্দি মহাবিদ্যালয়ত বিজ্ঞান শাখা অন্তভূৰ্ক্ত কৰাৰ অনুমতি শিক্ষা বিভাগৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.