ETV Bharat / state

অব্যাহত COVID-19ৰ প্ৰতিষেধক আৱিস্কাৰৰ প্ৰচেষ্টা

author img

By

Published : Jul 6, 2020, 1:15 PM IST

ডিব্ৰুগড় আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী সকলে জানিবলৈ দিয়া অনুসৰি,কৰ'ণা ভাইৰাছৰ নমুনা পৰীক্ষাগাৰত সম্প্ৰসাৰণ কৰি এক বিশেষ চেল লাইন ব্যৱহাৰেৰে,তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে COVID-19ৰ প্ৰতিষেধক ।

covid-19 vaccine growed by icmr scientist in dibrugarhcovid-19 vaccine growed by icmr scientist in dibrugarh
covid-19 vaccine growed by icmr scientist in dibrugarh

ডিব্ৰুগড়, 6 জুলাইঃ সফলতাৰে সম্পন্ন হ'ল COVID-19 ৰোধৰ বাবে তৈয়াৰ কৰা প্ৰতিষেধক তৈয়াৰৰ পদক্ষেপ । ইয়াকে লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে আইচিএমআৰ, ডিব্ৰুগড় আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী সকল । মে' মাহতেই আৰম্ভ কৰা প্ৰতিষেধক তৈয়াৰৰ গৱেষণাত,প্ৰথম পৰ্যায়ত বৈজ্ঞানিকৰ দলটো সফল হ'ব পৰা নাছিল যদিও, দ্বিতীয় বাৰত সফলতা লাভ কৰে তেওঁলোকে ।

অব্যাহত COVID-19ৰ প্ৰতিষেধক আৱিস্কাৰৰ প্ৰচেষ্টা

তেওঁলোকে উল্লেখ কৰা অনুসৰি,কৰ'ণা ভাইৰাছৰ নমুনা পৰীক্ষাগাৰত সম্প্ৰসাৰণ কৰি এক বিশেষ চেল লাইন ব্যৱহাৰেৰে তৈয়াৰ কৰি উলিয়াওৱা হৈছে প্ৰতিষেধকবিধ । সেই চেল লাইনত ডিব্ৰুগড়ৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলৰ লগতে, আন আন পৰীক্ষাগাৰতো পৰীক্ষণ কৰা হৈছিল । কোনো কোনো পৰীক্ষাগাৰ সফল হৈছিল যদিও, কেন্দ্ৰটোৰ বৈজ্ঞানিকসকল প্ৰথমাৱস্থাত সফল হ'ব পৰা নাছিল । উল্লেখ্য যে, প্ৰতিষেধক তৈয়াৰৰ ক্ষেত্ৰত বৈজ্ঞানিকৰ দলটো সফল হৈছে যদিও,এই পৰ্যন্ত সেই প্ৰতিষেধক প্ৰয়োগ কৰা নাই কোনো লোকৰ দেহত ।

লগতে পঢ়কঃ ব্যাপক হাৰত ভাৰতত বাঢ়িছে কোভিড-19 আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.