মৰাণ,15 মে': ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা ৷ প্ৰতিদিনেই প্ৰায় প্ৰতিখন জিলাতে ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা ৷ ইয়াৰ মাজতে শনিবাৰে ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত মুঠ 55 জন লোকৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ ৷ তাৰে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ 49 জন, 5 জন চৰাদেউ জিলাৰ আৰু 1 জন শিৱসাগৰ জিলাৰ নিৱাসী ৷ ইয়াৰ লগে লগে শনিবাৰৰ দিনটোলৈ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ক'ভিড ৰোগী সংখ্যা মুঠ 1,115 গৰাকীলৈ বৃদ্ধি পালে । ইফালে চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত এলেকাত শনিবাৰে 27 জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে ৷ ইয়াৰ লগে লগে পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ অঞ্চলত সৰ্বমুঠ 267 জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে ৷
![covid-19-positive-cases-increase-daily-at-moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11774643_3x2_p3.jpeg)
চিকিৎসক সকলে জানিবলৈ দিয়া মতে আক্ৰান্ত প্ৰায় সকলকে হোম আইছলেশ্যনত ৰখা হৈছে ৷ দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ 1,382 জন লোক ক'ভিডত আক্ৰান্ত হৈছে । ইফালে মৰাণ কুশল নগৰৰ নিবাসী চতেলাল মাহাতো (58) শুকুৰবাৰে নিশা লেঙেৰী ক'ভিড কেয়াৰ চেণ্টাৰত আৰু ভামুন চাহ বাগিচাৰ 2 নং লাইনৰ জয়ৰাম চাহু (75) অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয় । বৃহত্তৰ মৰাণত বৰ্তমান সময়লৈ মুঠ 14 জন লোকৰ ক'ভিড আক্ৰান্তহৈ মৃত্যু ঘটে ৷
লগতে পঢ়কঃ ক'ভিড পৰিস্থিতিৰ বুজ লবলৈ ডিমা হাছাওত মন্ত্ৰী যোগেন মহন