ETV Bharat / state

ডিব্ৰুগড় আৰক্ষীৰ জালত শিশু নিৰ্যাতনৰ অভিযুক্ত দম্পতী - মৰাণ মহাবিদ্যালয়

শনিবাৰে নিশা নগাঁও জিলাৰ ৰহা টোলগেটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বনকৰা শিশু নিৰ্যাতনত অভিযুক্ত দম্পতীক ৷ আটকাধীন চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰী আৰু তেওঁৰ পত্নী তথা মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মিতালী কোঁৱৰৰ সৈতে আৰক্ষীয়ে অব্যহত ৰাখিছে জেৰা ৷

অভিযুক্ত দম্পতী
অভিযুক্ত দম্পতী
author img

By

Published : Sep 6, 2020, 12:37 PM IST

Updated : Sep 6, 2020, 3:04 PM IST

ডিব্ৰুগড়, 6 চেপ্তেম্বৰ: আৰক্ষীৰ জালত বনকৰা শিশুক নিৰ্যাতনৰ অভিযোগত অভিযুক্ত চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰী আৰু তেওঁৰ অধ্যাপিকা পত্নী ডঃ মিতালী কোঁৱৰ ৷ শনিবাৰে নিশা নগাঁও জিলাৰ ৰহা টোলগেটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োজন অভিযুক্তক ৷ AS-06 V-3839 নম্বৰৰ ইন'ভা বাহনেৰে ডিব্ৰুগড় অভিমুখে আহি থকাৰ সময়তে ৰহাত নগাঁও আৰু ডিব্ৰুগড় আৰক্ষীৰ এটা যৌথ দলে গ্ৰেপ্তাৰ কৰে দুয়ো অভিযুক্তক ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, আটকাধীন দম্পতীয়ে আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি আছিল পশ্চিম বংগৰ নিউ জলপাইগুৰিত ৷ ডিব্ৰুগড় আৰক্ষীয়ে তথ্য লাভ কৰাৰ উমান পোৱাৰ লগতে সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে প্ৰচাৰিত বাতৰিৰ বাবে তেওঁলোক ঘূৰি আহিছিল অসমলৈ ৷

ডিব্ৰুগড় আৰক্ষীৰ জালত শিশু নিৰ্যাতনৰ অভিযুক্ত দম্পতী

উল্লেখ্য যে, যোৱা 31 আগষ্টত তেওঁলোকৰ বাসগৃহত বনকৰা হিচাপে থকা এটি 12 বছৰীয়া কিশোৰৰ দেহত উতলা গৰম পানী ঢালি অকথ্য নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছিল এই দম্পতীৰ বিৰুদ্ধে ৷ শিশুটিয়ে নিজ মুখেৰে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছিল সেই কথা ৷ পৰৱৰ্তী সময়ত শিশু কল্যাণ সমিতিয়ে নিৰ্যাতনৰ বলি হোৱা শিশুটিক উদ্ধাৰ কৰি আৰক্ষীক সমগ্ৰ বিষয় উল্লেখ কৰি সেই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল ৷ তাৰ পাচতে ডিব্ৰুগড়ৰ পৰা পলায়ন কৰিছিল অভিযুক্ত দম্পতীয়ে ৷

শুই থকা অৱস্থাতে অতি নিদাৰুণভাৱে 12 বছৰীয়া কিশোৰগৰাকীক নিৰ্যাতন কৰাৰ অভিযোগত আৰক্ষীয়ে দুয়োৰে বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইন ৩৪৪/৩২৬/৩৪ ধাৰাৰ অধীনত, ১৪৪৩/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰে ডিব্ৰুগড় থানাত ৷ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাত সম্প্ৰতি সন্তুষ্টি প্ৰকাশ কৰিছে ভিন্ন দল-সংগঠনে ৷ সকলোৰে দাবী এই বিষয়ত এক উচ্চ পৰ্যায়ৰ তদন্ত হওক ৷ লগতে দোষীয়ে উচিত শাস্তি নোপোৱাকৈ কোনোপধ্যেই যাতে সাৰি যাব নোৱাৰে সেই সন্দৰ্ভতো দাবী জনাই দল-সংগঠনসূহে উত্তাল কৰে ডিব্ৰুগড় থানা চৌহদ ৷

লগতে পঢ়ক: গোলাঘাটত জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিবাদ

Last Updated : Sep 6, 2020, 3:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.