ETV Bharat / state

সাপেখাতীত বিত্তীয় আয়োগৰ অধীনৰ ধন আত্মসাতৰ অভিযোগ - Sapekhati road construction Corruption news

সাপেখাতীত চতুৰ্থ বিত্তীয় আয়োগৰ অধীনৰ শিলনীকৰণৰ নামত অহা ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বোকাময় পথে জলা-কলা খুৱাইছে অঞ্চলবাসীক ৷ বিভাগীয় কৰ্তৃপক্ষক পুনৰ পথ নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

চৰাইদেউৰ বোকাময় এটি পথে জলাকলা খোৱাইছে ৰাইজক

author img

By

Published : Jun 13, 2021, 8:42 AM IST

মৰাণ,13 জুন: বোকাময় পথে জলা-কলা খুৱাইছে সাপেখাতী উন্নয়ন খণ্ডৰ অধীনৰ উদয়শ্ৰী গাঁও পঞ্চায়তৰ লোকক ৷ পথ নিৰ্মাণৰ নামত দুৰ্নীতি(Corruption in road construction) হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷

চৰাইদেউৰ বোকাময় এটি পথে জলাকলা খোৱাইছে ৰাইজক
বিভাগীয় কৰ্তৃপক্ষক পুনৰ পথ নিৰ্মাণৰ দাবী

চৰাইদেউ জিলাৰ সাপেখাতী উন্নয়ন খণ্ডৰ অধীনৰ উদয়শ্ৰী গাঁও পঞ্চায়তত এটি পথৰ শিলনীকৰণৰ নামত ধন আত্মসাতৰ অভিযোগ স্থানীয় ৰাইজৰ । জানিব পৰা মতে, ২০১৭-১৮ বৰ্ষতে চতুৰ্থ বিত্তীয় আয়োগৰ অধীনত উদয়শ্ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৬নং ৱাৰ্ডৰ আটাল চিৰাখোৱা আলিৰ হাচদা চুকৰ পথটি ৩২,৫০০০ টকা ব্যয় সাপেক্ষে অনুমোদন কৰা হয় ৷

কিন্তু ২০২০ বৰ্ষতহে উক্ত কাম আৰম্ভ কৰে জ্যোতিপ্ৰসাদ গগৈ নামৰ ঠিকাদাৰজনে । ইফালে ৱাৰ্ড সদস্য মানসী টুডু আৰু সাপেখাতী মণ্ডল বিজেপিৰ সম্পাদক জ্যোতিপ্ৰসাদ গগৈয়ে মাত্ৰ কেইগাড়ীমান শিল পেলাই কামৰ সামৰণি মাৰি সম্পূৰ্ণ ধন আত্মসাৎ কৰে বুলি জানিবলৈ দিয়ে ৰাইজে ।

চৰাইদেউৰ বোকাময় এটি পথে জলা-কলা খুৱাইছে ৰাইজক

উল্লেখ্য যে, এই বিষয়ে গাঁৱৰ ৰাইজে চৰাইদেউৰ উপায়ুক্ত আৰু সাপেখাতী খণ্ড উন্নয়ন বিষয়াক অৱগত কৰিছিল যদিও আজি পৰ্যন্ত কোনো সুফল নাপালে । যাৰ ফলস্বৰূপে উক্ত পথটোৱে দৈনিক অহা-যোৱা কৰা ঘোঁৰাজান, ৰাইডাং চাহ বাগিচাত কৰ্মৰত কৰ্মীৰ লগতে অঞ্চলটোৰ জনতাই এজাক বৰষুণ দিলেই জীয়াতু ভূগিব লগা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় ।

সেইবাবে ৰাইজে পুনৰ উদয়শ্ৰী গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ অন্তৰ্গত আটাল চিৰাখোৱা আলিৰ হাচদা চুকৰ পথটিৰ বাবে আৱণ্টন হোৱা টকাৰ যি অংশ বাকী আছে, সেই টকাৰে পথটিৰ বাকী অংশৰ কাম অতি সোনকালে মেৰামতি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ।

লগতে পঢ়ক: খাৰুপেটীয়াত জাল নোটসহ পুনৰ গ্ৰেপ্তাৰ এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.