ETV Bharat / state

উপ-নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ৮ হাজাৰ ৰান্ধনী-সহায়িকাৰ - বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে

মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু সহায়িকাসকল বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে । মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন সমস্যাত এতিয়া ৰাজ্যৰ ৰান্ধনী-সহায়িকা সকল । সেয়ে চৰকাৰৰ বিৰুদ্ধে পুনৰ বিক্ষোভ প্ৰদৰ্শন কৰে ৰান্ধনী-সহায়িকাসকলে । এইবাৰ উপ-নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ৰান্ধনী-সহায়িকাসকলৰ ।

Moran
ভোট বৰ্জনৰ হুংকাৰ ৮ হাজাৰ ৰান্ধনী সহায়িকাৰ
author img

By

Published : Sep 8, 2021, 6:11 PM IST

মৰাণ,৮ ছেপ্টেম্বৰ : সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকাসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত মঙলবাৰে থাওৰা সমষ্টিৰ ডিমৌ ৰাজহুৱা খেলপথাৰত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ডিমৌ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৰান্ধনী-সহায়িকা সন্থাই । প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

ভোট বৰ্জনৰ হুংকাৰ ৮ হাজাৰ ৰান্ধনী সহায়িকাৰ

ৰাজপথেৰে প্ৰতিবাদী সমদল উলিয়াই চক্ৰ বিষয়া কাৰ্যালয়ৰ চৌহদ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে । লগতে থাওৰা সমষ্টিৰ উপ নিৰ্বাচনত (Bye election) ৮০০০ ৰান্ধনী সহায়িকা সকলে ভোট বৰ্জনৰো হুংকাৰ দিয়ে । সমগ্ৰ অসমৰ ১,১৮,৯৯৮ গৰাকী ৰান্ধনী সহায়িকাৰ মাহেকীয়া পাৰিতোষিক ১,৫০০ টকাৰ পৰা ৯,৬০০ টকালৈ বৃদ্ধি কৰাৰ দাবীত অঞ্চলটোৰ প্ৰায় দুই শতাধিক মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

ইয়াৰোপৰি পাঁচ মাহৰ বকেয়া দৰমহা অতি শীঘ্ৰে প্ৰদান কৰা, ৰান্ধনী সহায়িকা সকলক পেঞ্চন আৰু মেডিকেলৰ সুবিধা প্ৰদান কৰা আৰু মধ্যাহ্ন ভোজন আঁচনিখন বে-চৰকাৰী সংস্থাক দিয়া কাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰে । প্ৰতিবাদী ৰান্ধনী সহায়িকা সকলে ডিমৌ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ফিলিছ ৰাঙচালৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে । অতি শীঘ্ৰে সমস্যা সমাধান নহ'লে ১,১৮,৯৯৮ গৰাকী ৰান্ধনী সহায়িকা সকলে দিছপুৰ ঘেৰাও কাৰ্যসূচী পালন কৰিব বুলিও ঘোষণা কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :কিয় প্ৰাপ্যৰ পৰা বঞ্চিত সাক্ষৰ ভাৰত অভিযান মিচন অসমৰ কৰ্মচাৰীসকল ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.